ৰাম মন্দিৰৰ বাবে সুদীৰ্ঘ ২৮ বছৰ আছিল অনাহাৰে কিন্তু নাপালে নিমন্ত্ৰণ…

ৰাম মন্দিৰৰ বাবে সুদীৰ্ঘ ২৮ বছৰ আছিল অনাহাৰে কিন্তু নাপালে নিমন্ত্ৰণ…


ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ জব্বলপুৰৰ এগৰাকী মহিলা। ১৯৯২ চনৰ ৬ ডিচেম্বৰ তাৰিখৰ পৰা অনাহাৰে আছে মহিলাগৰাকী। তেওঁৰ নাম উৰ্মিলা চতুৰ্বেদী। যেতিয়ালৈকে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ নহয় তেতিয়ালৈকে ফলমূল খায়েই জীয়াই থকাৰ সংকল্প লৈছিল এইগৰাকী মহিলাই।

আৰু এতিয়া সুদীৰ্ঘ ২৮ বছৰৰ পাছত আহিল উৰ্মিলাৰ বহু আকাংক্ষিত দিনটো। অৱশ্যে মহামাৰী কোৰোনা ভাইৰাছৰ বাবে উৰ্মিলাই ৰাম মন্দিৰৰ ভূমি পূজনৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও তেওঁ জীৱনৰ বাকী কালছোৱা অযোধ্যাতে কটাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁৰ মতে তেওঁৰ ব্ৰত কেৱল অযোধ্যাতহে ভাঙিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in