উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ…

উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ…

ডিজিটেল সংবাদ, উৰিয়ামঘাট: ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত শিশু অপহৰণৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে, ২২ জানুৱাৰী তাৰিখে উৰিয়ামঘাটৰ ৰানা নগৰৰ নিবাসী নুৰ মহম্মদৰ পুত্ৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ আব্বাছ আলি(১২)য়ে স্থানীয় ডেভডিল স্কুললৈ পুৱা আহি থকা অৱস্থাত লতাপুৰ গাৱৰ ৰবৰবাগানৰ ওচৰত এখন নীলা ৰঙৰ এল্ট গাড়ীয়ে বাট ভেটি আগুচি ধৰি ছাত্ৰটিক চকুত কাপোৰ বান্ধি গাড়ীত উঠাই লৈ যায় ।

ছাত্ৰজনৰ মতে উক্ত গাড়ীখনত তিনিজনলোক আছিল । অপহৰণকাৰীয়ে শিশুটিক গাড়ীত উঠাই লৈ দৈয়াং নদী পাৰ হৈ কোনোবা এঠাইৰ এটাঘৰত তলামাৰি আৱদ্ধ কৰি থয় ।উক্ত কোঠাটোৰ ভিতৰতে আব্বাছে উৰিয়ামঘাটৰ সোনাপুৰৰ যোৱা ডিচেম্বৰ মাহতে নিৰুদেশ হোৱা ৰছিদুল হক(১২) নামৰ সহপাঠী জনক আৰু আন এজনক লগ পায়। তিনিওজন লগ লাগি আৱদ্ধ কৰি ৰখা কোঠাটোৰ খিড়িকী ভাঙি তিনিওটা শিশু পলাই আহে যদিও অপহৰণকাৰীয়ে সিহঁতক দেখি খেদি যায় আৰু আগতে অপহৰন কৰি থোৱা শিশু দুটাক ধৰিবলৈ সক্ষম হয় যদিও আব্বাছে কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয়

ইতিমধ্যে উৰিয়ামঘাট আৰক্ষীয়ে ঘটনাৰ সবিশেষ অৱগত হোৱাৰ পিছতে অপহৰকাৰীৰ কবলৰ পৰা পলায়ন কৰা ছাত্ৰ জনক লৈ চক্ৰ টোৰ বিৰোধে অভিযান অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে, যোৱা ডিচেম্বৰ মাহত সোনাপুৰৰ পৰা নিৰুদেশ হোৱা ৰছিদুল আলিৰ নিৰুদেশৰ সম্পৰ্কত উৰিয়ামঘাট থানাত এটি গোচৰ পঞ্জীয়ন হৈ আছে ।ইতিমধ্যে আৰক্ষীয়ে অপহৰণকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰখাৰ লগতে অপহৰণৰ লগত এটা চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in