পাৱাৰ গ্ৰীডৰ কৰ্মচাৰীক সাহায্য বিতৰণ…

পাৱাৰ গ্ৰীডৰ কৰ্মচাৰীক সাহায্য বিতৰণ…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ কো ভিড ১৯ ৰ সংক্ৰমন ৰোধৰ বাবে ফলত সমগ্ৰ দেশতে লক ডাউন চলি থকা ফলত খাটিখোৱা জনসাধাৰনে কাম কাজ কৰিবলৈ ওলাই যাব নোৱৰাৰ ফলত যথেষ্ট কষ্টৰ সন্মূখীন হব লগা হৈছে ৷ এনে পৰিস্হিতিৰ পৰা জনসাধাৰনক কিছু পৰিমানে সকাহ দিবলৈ সমাজৰ বিভিন্ন লোক সকলে সাহায্য সামগ্ৰী বিতৰন কৰি আহিছে ৷

ধনশিৰি মহকুমাৰ সৰুপথাৰতো পাৱাৰ গ্ৰীড অৱ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোৰ সামাজিক দায়বদ্ধতা আচঁনিৰ যোগোদি পাৱাৰ গ্ৰীডৰ বিভিন্ন অঞ্চলত কাম কৰি থকা তেওলোকৰ দৈনিক মজুৰী কৰা কৰ্মচাৰী সকলৰ পৰিয়াল সমূহক আজি খাদ্য সামগ্ৰী বিতৰন কৰে ৷

ইয়াৰ ওপৰিও প্ৰতিষ্ঠানটোত অস্হায়ীভাৱে কৰ্মৰত সৰুপথাৰ , পদুমনি , ইকৰানী , উৰিয়ামঘাটৰ প্ৰায় চল্লিছ চল্লিছ গৰাকী কৰ্মচাৰীক ১৪ দিনৰ বাবে খাদ্য সামগ্ৰী বিতৰন কৰে বুলি পাৱাৰ গ্ৰীডৰ উত্তৰ পূৰ্বাঞ্চলৰ মূখ্য সঞ্চালক জি ৰাজা বাবুৱে জানিবলৈ দিয়ে ৷ 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in