৪২ৰ ছহিদৰ নামত উৎসৰ্গিত স্বাস্থ্য কেন্দ্ৰৰ দুৰৱস্থা, কাণসাৰ নাই বিভাগৰ…

৪২ৰ ছহিদৰ নামত উৎসৰ্গিত স্বাস্থ্য কেন্দ্ৰৰ দুৰৱস্থা, কাণসাৰ নাই বিভাগৰ…

ডিজিটেল সংবাদ,ওৰাং: শোণিতপুৰ জিলাৰ হুগ্ৰাজুলিৰ ছহিদৰ নামত উৎসৰ্গিত স্বাস্থ্য কেন্দ্ৰৰ দুৰৱস্থা। ভাৰত ত্যাগ আন্দোলনৰ ঢেকিয়াজুলিৰ ৪২ ৰ শ্বহীদ দয়াল দাস পানিকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পয়ালগা ছবি। নাই জৰুৰীকালীন সেৱাৰ এম্বুলেঞ্চ।

উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত ৰাইজ ৷স্বাস্থ্য কেন্দ্ৰটোত নাই নিয়মীয়া স্থায়ী ডাক্তৰ । বৃহত্তৰ হুগ্ৰাজুলি অঞ্চলৰ ৰাইজৰ একমাত্ৰ ভৰসা এই স্বাস্থ্য কেন্দ্ৰটোয়ে। চৰনীয়া পথাৰত পৰিনত হোৱা স্বাস্থ্য কেন্দ্ৰটোৰ এয়া অ-স্বাস্থ্যকৰ পৰিৱেশ৷ কানসাৰ নাই স্বাস্থ্য বিভাগৰ৷ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ দয়াল দাস পানিকাৰ নামত উৎসৰ্গিত ঢেকিয়াজুলিৰ হুগ্ৰাজুলিৰ দয়াল দাস পানিকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুৰৱস্থা৷

স্বাস্থ্য কেন্দ্ৰটোত অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰাৰ লগতে গৰু- ছাগলীৰ চৰনীয়া পথাৰত পৰিণত হৈছে৷ এজন চিকিৎসক আহে যদিও চিকিৎসকৰ থকাৰ সু-ব্যৱস্থা নথকাৰ বাবে চিকিৎসক জন অহা যোৱা কৰে তেজপুৰৰ পৰা৷ মুকলিৰ পূৰ্বে চিকিৎসালয় খনৰ চিকিৎসকৰ আৱাসগৃহটো জৰাজীৰ্ণ হৈ থকাৰ ফলত চিকিৎসকে থাকিব নোৱাৰে স্বাস্থ্য কেন্দ্ৰটোৰ আৱাসত ৷ যাৰ ফলত স্বাস্থ্য কেন্দ্ৰটোত কোনো জৰুৰীকালিন সেৱা প্ৰদান কৰা নহয়৷

বৃহত্তৰ হুগ্ৰাজুলি অঞ্চলৰ প্ৰায় ২০ হেজাৰ ৰাইজৰ বাবে ২০১৪ চনত মুকলি কৰা এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পাৰ্যাপ্ত চিকিৎসক কৰ্মচাৰী নথকাৰ বাবে অঞ্চলবাসীয়ে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হবলগা হৈছে৷ স্বাস্থ্য কেন্দ্ৰটোত নাই বিদুৎৰ সংযোগ যাৰ ফলত নিশা একমাত্ৰ মমৰ পোহৰতে চিকিৎসা প্ৰদান কৰিব লগিয়া হয় জিএনএম নাৰ্চে।

উল্লেখযোগ্য যে স্বাস্থ্য কেন্দ্ৰটোৰ চাৰি সীমাৰবেৰ আজিকোপতি হৈ নুঠাত সম্প্ৰতি গৰু ছাগলীৰ চৰনীয়া পথাৰত পৰিনত হৈছে স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদ ৷ ইয়াৰ উপৰিও স্বাস্থ্য কেন্দ্ৰটোৰ কাষতে শনিবাৰে সপ্তাহিক বজাৰ অনুস্থিত হয়। বজাৰ হোৱাৰ বাবে স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদ পৰ্যন্ত বজাৰ জাবৰ জোথৰ আদি পেলাই দিয়াৰ ফলত এক অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰে স্বাস্থ্য কেন্দ্ৰটোৰ চৌপাশে৷ ইফালে জৰুৰীকালীন ৰোগীৰ বাবে নাই এখনো এম্বুলেঞ্চ৷

এম্বুলেঞ্চৰ বাবে বিভিন্ন সময়ত হাহাকাৰৰ সৃষ্টি হয় স্বাস্থ্য কেন্দ্ৰটোত ৷ উল্লেখযোগ্য যে ঢেকিয়াজুলিৰ উত্তৰ দিশে অসম অৰুণাচল সীমান্তবৰ্তী বৃহত্তৰ অঞ্চলবাসীৰ স্বাস্থ্য সেৱাৰ বাবে ২০১১ চনতে স্থাপন কৰা স্বাস্থ্য কেন্দ্ৰটো পাৰ্যাপ্ত সা সুবিধা প্ৰদানৰ বাবে চৰকাৰ তথা বিভাগক দাবী জনাই অহাৰ পিছতো আজি পৰ্যন্ত ব্যৱস্থা গ্ৰহন নকৰিলে উন্নয়নৰ ফটাঢোল কুবাই থকা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে। শ্বহীদৰ নামত উৎসৰ্গিত এই স্বাস্থ্য কেন্দ্ৰটো স্বাস্থ্য বিভাগে চৰম অৱহেলা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in