প্ৰবীণ মুক্তিযুজাঁৰু উপেন্দ্ৰনাথ পাটোৱাৰীৰ মৃত্যুত বেলশৰত শোক…

প্ৰবীণ মুক্তিযুজাঁৰু উপেন্দ্ৰনাথ পাটোৱাৰীৰ মৃত্যুত বেলশৰত শোক…

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ পশ্চিম নলবাৰী অঞ্চলৰ   বেলশৰ গাঁৱৰ পাটোৱাৰী চুবুৰীৰ  প্ৰবীণ মুক্তিযুঁজাৰু, সমাজকৰ্মী উপেন্দ্ৰ নাথ পাটোৱাৰীয়ে নিজ  বাসভৱনত যোৱা বৃহস্পতিবাৰে সন্ধিয়া ৬ঃ ৫৫ বজাত  ইহসংসাৰৰ পৰা বিদায় লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ।

ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত প্ৰয়াত উপেন্দ্ৰ নাথ পাটোৱাৰীয়ে কলাগুৰু বিঞ্চু প্ৰসাদ ৰাভা,স্বাধীনতা আন্দোলনৰ অন্যতম সেনানী স্বাধীনতা সংগ্ৰামী কামিনী মোহন শৰ্মা, তৰুনসেন ডেকা,নবীন মেধী আদিৰ সান্নিধ্য লাভ কৰি বৃটিছ আৰক্ষীৰ হাতত আটক হৱ লগা হৈছিল।

মৃত্যুৰ আগ মুহুৰ্তলৈকে কোনো ধৰনৰ  বেমাৰ-আজাৰৰ সন্মুখীন নোহোৱা মুক্তি যুজাৰু পেঞ্চনাৰ  প্ৰয়াত পাটোৱাৰীয়ে মৃত্যুৰ সময়ত পত্নী,চাৰিগৰাকী পুত্ৰ,দুগৰাকী জীয়াৰী, তিনিগৰাকী বোৱাৰী,নাতি-নাতিনীকে ধৰি অনেক গুনমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।মুক্তিযুজাৰু গৰাকীৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in