১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং… VIDEO

১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং… VIDEO

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ উন্নাৱত বলাৎকাণ্ডৰ পীড়িতা যুৱতীন্যায়ালয়লৈ গৈ থকা অৱস্থাত আদবাটতে অভিযুক্তই তেওঁক জ্বলাই দিয়াক লৈ সমগ্ৰৰাজ্যখনত এক অস্থিৰ পৰিৱেশ-পৰিস্থিতি সৃষ্টি হৈছে। লগতে ৰাজ্যখনৰ আইন ব্যৱস্থাক লৈপ্ৰশ্ন উত্থাপন হৈছে।

তাৰ মাজতে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ চৰকাৰৰ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিঙে কৰিছে এক বিতৰ্কিত মন্তব্য। মন্ত্ৰীগৰাকীয়ে কয় যে, 'এখন সমাজত ১০০ শতাংশ অপৰাধ দূৰ কৰাৰ দাবী মই নাভাবো ভগৱান ৰামেও কৰিব পাৰিব। কিন্তু এইটো নিশ্চিত যে যদি কোনো অপৰাধ হয় তেন্তে অপৰাধীক শাস্তি দিয়া হ'ব আৰু জে'ললৈ পঠিওৱা হ'ব।' পীড়িতা যুৱতীগৰাকীৰ দেহত অগ্নি সংযোগ কৰা এই ঘটনাক লৈ সাংবাদিকে কৰা এক প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কৰে এই মন্তব্য।

উল্লেখযোগ্য যে, উত্তৰপ্ৰদেশৰ উন্নাৱত এগৰাকী বলাৎকাৰৰ পীড়িতা যুৱতীকবৃহস্পতিবাৰে জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা কৰা হয়। আৰু এই ঘটনাৰে জড়িত ৫জনঅভিযুক্তক গ্ৰেপ্তাৰো কৰা হৈছে। যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আৰুচিকিৎসকে জনাই দিছে যে যুৱতীগৰাকীৰ শৰীৰৰ প্ৰায় ৯০ শতাংশ অংগ জ্বলি গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in