‘কা’ বিৰোধী প্ৰতিবাদৰ নামত ৰাজহুৱা সম্পত্তি নষ্ট কৰা ১৩ গৰাকী লোকে ভৰিব লাগিব ২১ লাখ টকা…

‘কা’ বিৰোধী প্ৰতিবাদৰ নামত ৰাজহুৱা সম্পত্তি নষ্ট কৰা ১৩ গৰাকী লোকে ভৰিব লাগিব ২১ লাখ টকা…

ডিজিটেল ডেস্কঃ সংশোধিত নাগৰিকত্ব আইনক লৈ দেশ-বিদেশে বৰ্তমানেও সাব্যস্ত হৈ আছে প্ৰতিবাদ। গণতান্ত্ৰিক প্ৰতিবাদৰ মাজতে দেশৰ কেইবাখনো ৰাজ্যত হিংসাত্মক কাৰ্য-কলাপৰ লগতে বহু ৰাজহুৱা সা-সম্পত্তিও নষ্ট কৰিছিল দুষ্ট চক্ৰই। ৰাজহুৱা সা-সম্পত্তি ধ্বংস কৰাৰ অপৰাধত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ জিলা প্ৰশাসনে ১৩ গৰাকী লোকক চিনাক্ত কৰি ২১ লাখ টকাৰ ক্ষতিপুৰণ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা ১৩ গৰাকী ব্যক্তিলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

লক্ষ্ণৌ জিলাৰ উপায়ুক্তই সংবাদমাধ্যমক জনাইছে যে, ১৩ গৰাকী লোকক ৩০ দিনৰ ভিতৰত ৰাজহুলৱা সা-সম্পত্তি নষ্ট কৰাৰ বাবে ২১ লাখ টকা আদায় দিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। লগতে আৰক্ষীয়ে চি চি কেমেৰাৰ ফুটেছ পৰীক্ষণ কৰি থকাৰ কথায়ো জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে। পিছৰ পৰ্যায়ত আৰু বহুকেইজন লোকক চিনাক্ত কৰিব পৰা যাব বুলি মতপোষণ কৰে তেওঁ। উল্লেখ্য যে, ২০১৯ চনৰ ১৯ ডিচেম্বৰৰ দিনা ১৩ গৰাকী লোকে বহুকেইটা চৰকাৰী কাৰ্যালয়ত আক্ৰমণ কৰিছিল বুলি প্ৰমাণ পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in