বিদ্যালয়ৰ পৰা ধন দাবী কৰি ছাত্ৰই লিখিছিল চিঠি, নহ’লে পুলৱামাৰ দৰে বিস্ফোৰণ কৰাৰ দিছিল ভাবুকি…

বিদ্যালয়ৰ পৰা ধন দাবী কৰি ছাত্ৰই লিখিছিল চিঠি, নহ’লে পুলৱামাৰ দৰে বিস্ফোৰণ কৰাৰ দিছিল ভাবুকি…

ডিজিটেল ডেস্কঃ নিজৰেই বিদ্যালয়ৰ পৰা ধন দাবী কৰিছিল এজন ছাত্ৰই। ধন নিদিলে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দৰে বিদ্যালয়খন বোমাৰে উৰুৱাই দিয়াৰো ভাবুকি দিছিল ছাত্ৰজনে। অৱশেষত বিদ্যালয় কৰ্তৃপক্ষৰ অভিযোগ অনুসৰি আৰু আৰক্ষীৰ তৎপৰতামূলক অনুসন্ধানৰ পৰিপ্ৰেক্ষিতত গ্ৰেপ্তাৰ হয় দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজন।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলীৰ এখন বিদ্যালয়ত। বিদ্যালয়ৰ পৰা ধন দাবী কৰি দুখনকৈ অজ্ঞাত চিঠি লিখিছিল ছাত্ৰজনে। ছাত্ৰজনে প্ৰথমে ১০ লাখ টকা দাবী কৰিছিল দ্বিতীয় চিঠিখনত দাবী কৰিছিল ২ লাখ টকা। বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, ধৃত ছাত্ৰজনে হকাৰ হিচাপেও কাম কৰে।

স্কুলখনৰ পৰিচালক অনিল সিঙে জানিবলৈ দিয়া মতে, বিদ্যালয়খনক ধন দাবী কৰি বিদ্যালয় চৌহদ আৰু নিজৰ ঘৰত বোমা লগাই থোৱা বুলি ভাবুকি দিছিল ছাত্ৰজনে। দাবী কৰা ধন আদায় নিদিলে পুলৱামাৰ দৰে বিস্ফোৰণ সংঘটিত কৰাৰ ভাবুকি দিছিল ছাত্ৰজনে। দুখনকৈ পত্ৰ বিদ্যালয় কৰ্তৃপক্ষলৈ লিখাৰ পিছত বিষয়টো গুৰুত্ব সহকাৰে লৈ বিদ্যালয় কৰ্তৃপক্ষ আৰক্ষীৰ কাষ চাপে। জানিব পৰা মতে, বিদ্যালয়খনত অধ্যয়ন কৰে প্ৰায় ৪০০ গৰাকী ছাত্ৰ-ছাত্ৰী।

ইফালে বিদ্যালয় কৰ্তৃপক্ষৰ অভিযোগ লাভ কৰাৰ পিছতে বিদ্যালয় চৌহদত বোম স্কোৱাডসহ উপস্থিত হয় আৰক্ষীৰ দল। চৌহদৰ চৌদিশ তন্ন তন্নকৈ পৰীক্ষা কৰে যদিও অৱশ্যে কোনো ধৰণৰ বিস্ফোৰক কিম্বা বোমা লাভ নকৰিলে আৰক্ষীয়ে। আনহাতে স্কুল কৰ্তৃপক্ষলৈ লিখা দুখন চিঠি ভালদৰে নীৰিক্ষণ কৰি আৰক্ষীয়ে নিশ্চিত হয় যে চিঠি লিখা দুয়োখন কাগজ বিজ্ঞানৰ প্ৰেক্টিকেলৰ বহীৰ।

তাৰ পিছতে আৰক্ষীয়ে বিদ্যালয়খনৰ নৱম আৰু দশম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বহী পৰীক্ষা কৰাত পোহৰলৈ আহে ধৃত ছাত্ৰজনৰ কু কাণ্ডৰ কথা। লগে লগে আৰক্ষীয়ে ছাত্ৰজনক গ্ৰেপ্তাৰ কৰি এটা গোচৰ ৰুজু কৰিছে। ছাত্ৰজনে আৰক্ষীৰ আগত সেই চিঠি কোনো লোকে লিখিবলৈ বাধ্য কৰিছিল বুলি মন্তব্য কৰে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in