শেহতীয়া খবৰ
লকডাউনত নুমলীগড়ত কৃষকৰ মাজত হাহাকাৰঃ শ শ বিঘা শস্য নষ্ট হৈছে পথাৰ...  •  নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সাংসদ পুঁজিৰ ১ কোটি আৰু দৰমহাৰ ১ লাখ টকা কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৰিপুন বৰাই...  •  বিজেপি নেত্ৰীৰ বাসগৃহ নে ওৱাইন শ্ব’প? আৰক্ষীৰ অভিযানত উদ্ধাৰ ৫ লক্ষাধিক টকাৰ সুৰা, দলৰ পৰাও খালে খেদা... VIDEO  •  লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় আৰু আন সামগ্ৰীসমূহ কঢ়িওৱা বাহন চলাচলত নাথাকিব কোনো প্ৰতিবন্ধকতা...

উন্নাও বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পিতৃৰ হত্যা গোচৰ, শনিবাৰে আদালতে প্ৰদান কৰিব ৰায়…

191

ডিজিটেল ডেস্কঃ উন্নাও বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পিতৃৰ ন্যায়িক জিম্মাত হত্যাৰ গোচৰত ২৯ ফেব্ৰুৱাৰীত ৰায় প্ৰদান কৰিব দিল্লীৰ তিছ হাজাৰী আদালতে। নিৰ্যাতিতাৰ পিতৃৰ হত্যাৰ গোচৰত বিজেপিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদ্বীপ সিং চেঙাৰসহ মুঠ ১০ জনক দোষী সাব্যস্ত কৰিছে আদালতে।

প্ৰণিধানযোগ্য যে, ২০১৭ চনৰ ৪ জুনত এগৰাকী যুৱতীয়ে তেতিয়াৰ বিজেপিৰ বিধায়ক কুলদ্বীপ সিং চেঙাৰৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ তুলিছিল। তাৰ পৰৱৰ্তী সময়ত ৰায়বৰেলীত এক পথ দুৰ্ঘটনাৰে নিৰ্যাতিতাক হত্যাৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হয় কুলদ্বীপ চেঙাৰৰ বিৰুদ্ধে।

উন্নাও বলাৎকাৰ কাণ্ডত দোষী সাব্যস্ত হৈ ইতিমধ্যে যাৱজ্জীৱন কাৰাদণ্ড ভোগ কৰি আছে প্ৰাক্তন বিজেপি বিধায়ক কুলদ্বীপ সিং চেঙাৰে। দোষীৰ বিৰুদ্ধে অপৰাধজনিত ষড়যন্ত্ৰ ৰচা, অপহৰণ, বিবাহৰ প্ৰলোভন দি নিৰ্যাতন চলোৱা আৰু বলাৎকাৰৰ গোচৰ ৰুজু কৰি পক্স’ আইনৰ অধীনত দোষী সাব্যস্ত কৰিছিল আদালতে।

ইফালে নিৰ্যাতিতাই বিজেপি বিধায়কজনৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ উত্থাপন কৰাৰ পিছতে বিধায়কৰ ভাতৃ অতুল সিং আৰু অন্য সহযোগীয়ে নিৰ্যাতিতাৰ পিতৃক গুৰুতৰভাৱে প্ৰহাৰ কৰি আৰক্ষীৰ হাতত চমজাই দিয়ে। সেই সময়ত নিৰ্যাতিতাৰ পিতৃয়ে তেওঁক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বুলি চিঞৰিলেও তেওঁৰ কোনো কথাই শুনিবলৈ মান্তি হোৱা নাছিল উত্তৰ প্ৰদেশ আৰক্ষী। নিৰ্যাতিতাৰ পিতৃক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছতে জিলা কাৰাগাৰত ৰহস্যজনকভাৱে তেওঁৰ মৃত্যু ঘটে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি