২৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশন…

২৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশন…

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশন ২৯ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মঙলবাৰে সংসদৰ বাজেট অধিবেশন সন্দৰ্ভত অনুসৰন কৰিবলগীয়া নিয়ম সম্পৰ্কে অৱগত কৰে । অধ্যক্ষ গৰাকীয়ে কোৱা অনুসৰি বাজেট অধিবেশন শীতকালীন অধিবেশনৰ দৰে অনুষ্ঠিত হ'ব ।

শীতকালীন অধিবেশনৰ দৰে সামাজিক দুৰত্ব মানি চলাৰ বাবে সাংসদ সকলৰ মাজত এখন বৈঠকৰ আয়োজন কৰা হ'ব । প্ৰশ্নোত্তৰ কাল এক ঘণ্টাৰ বাবে পুনৰ আৰম্ভ কৰা হ'ব । ছেপ্টেম্বৰ অধিবেশনত প্ৰশ্নোত্তৰ শিতান বাতিল কৰা হৈছিল। বাজেট অধিবেশনৰ সময়ত কোৰোনাৰ বাবে কৰিবলগীয়া প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in