কেনেকৈ দুৰ্ঘটনাত পতিত হ’ল ১৮০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমানঃ ১৬৭ জনৰ মৃত্যু…

কেনেকৈ দুৰ্ঘটনাত পতিত হ’ল ১৮০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমানঃ ১৬৭ জনৰ মৃত্যু…

ডিজিটেল ডেস্কঃ ইৰানৰ তেহৰানত দুৰ্ঘটনাত পতিত হোৱা ইউক্ৰেইনৰ বইং–737 বিমানখনৰ সন্ধানত বৰ্তমানেও অব্যাহত আছে অভিযান। আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰনুসৰি, পুৱা ইৰানে আমেৰিকান সেনা চাউনীৰ ওপৰত কৰা আক্ৰমণৰ সময়তে উৰা মৰা বিমানখন কিছুসময়ৰ পাছতে দুৰ্ঘটনাতপতিত হয়।

ইতিমধ্যে সেইসময়ত এজন ব্যক্তিয়ে সংগ্ৰহ কৰা আকাশত থকা বিমানখনৰ এটা ভিডিঅও ভাইৰেল হৈছে। তেহৰানৰ পৰা ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ ৰাওনা হোৱাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমান খনত থকা ১৮০ গৰাকী যাত্ৰীৰ জীৱনক লৈ চৰম উৎকন্ঠাত আছে সংগ্ৰ বিশ্ব।

ইয়াৰ মাজতে পোহৰলৈ আহিছে ১৮০ গৰাকী যাত্ৰীৰ ভিতৰত ১৬৭ গৰাকী যাত্ৰীৰ মৃত্যু হৈছে এই দুৰ্ঘটনাত। এই ১৮০ গৰাকীৰ ভিতৰত আছে বিমানৰ বিষয়া-কৰ্মচাৰীও। বিমানখনৰ দুৰ্ঘটনাৰ কাৰন যান্ত্ৰিক বিজুতি বুলি কোৱা হৈছে যদিও বিমানখন দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ খন্তেক সময়ৰ পূৰ্বে ইৰানত অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি। এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৪.৯। ইফালে এনে সময়তে এক ডজনৰো অধিক মিছাইলে ইৰানে আমেৰিকান সেনা চাউনীৰ ওপৰত চলাইছিল আক্ৰমণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in