শেহতীয়া খবৰ
গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে উন্মোচন হ'ব ''দ্যা শিবুক''...  •  কোভিড ভেকচিনৰ ক্ষেত্ৰত স্বাস্থ্যকৰ্মী,বৃদ্ধ লোকক অগ্ৰাধিকাৰ দিয়া হ'ব - নৰেন্দ্ৰ মোডী  •  কোকৰাঝাৰত আৰম্ভ নিৰ্বাচনী হিংসা, বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড...  •  মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা, ৬ খন আসনৰ ১খনত জয়লাভ...  •  নেহা আছিল ধেমালি, আদিত্য নাৰায়ণৰ সেন্দুৰ শ্বেতাৰ শিৰতহে উজলিল...  •  নেহা আছিল ধেমালি, আদিত্য নাৰায়ণৰ সেন্দুৰ শ্বেতাৰ শিৰতহে উজলিল...  •  ৫ ডিচেম্বৰত অন্ত পৰিব বিটিচি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ, ৭ ডিচেম্বৰত ২১ টা সমষ্টিত ভোটগ্ৰহন...  •  সিংঘু সীমাত কৃষকৰ বৈঠক, চৰকাৰৰ সৈতে পৰৱৰ্তী আলোচনাৰ বাবে ৰণনীতি প্ৰস্তুত...  •  কোৰোনা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ...  •  চাইক্লন বুৰেভিৰ বাবে থিৰুবন্তপুৰম বিমানবন্দৰে স্থগিত কৰে উৰাজাহাজৰ যাত্ৰা...

কেতিয়া হ’ব বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষাসমূহঃ জানি লওক…

4,392

ডিজিটেল ডেস্কঃ কোৰোনা সংকটৰ বাবে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ চলিত বৰ্ষত সময়মতে অনুষ্ঠিত নহ’ল। কিন্তু শেহতীয়াকৈ ইউ চি জিয়ে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষাসমূহৰ ক্ষেত্ৰত সংশোধিত গাইড লাইন জাৰি কৰে। এই নিৰ্দেশনাত কোৱা হৈছে যে, চলিত বৰ্ষৰ ৩০ চেপ্তেম্বৰৰ ভিতৰত পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পাৰিব বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে।

ইউ টি জিয়ে লগতে নিৰ্দেশনা জাৰি কৰিছে যে, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাসমূহ অনু্ষ্ঠিত কৰাটো অনিবাৰ্য। কিন্তু সকলোবোৰ পৰীক্ষা ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব। স্থানীয় পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ছেপ্তেম্বৰৰ ভিতৰত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ক পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে। পৰীক্ষাৰ সন্দৰ্ভত ইউ চি জিয়ে পিছৰ পৰ্যায়ত অৱগত কৰাব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, গৃহ মন্ত্ৰণালয়ৰ অনুমতি সাপেক্ষে, যোৱা ২৯ এপ্ৰিলত ইউ চি জিয়ে এক গাইড লাইন প্ৰস্তুত কৰি কৈছিল যে, জুলাইৰ ভিতৰত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব লাগিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি