/asomiyapratidin/media/media_files/2026/03/06/29563457-27ec-4769-bf1a-0368b6c613c5-2026-03-06-23-30-17.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ অন্তত ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত অনুষ্ঠিত হোৱা শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আজি সামৰণি পৰে। আজি দৌল উৎসৱৰ অন্তিমটো দিনত সুৱেৰী অৰ্থাৎ ফাকু খেলা উৎসৱ পালন কৰা হয়।
আবিৰৰ ৰঙত মতলীয়া হৈ পৰিল ওদালগুৰি চহৰ। হোলীগীতৰ মুৰ্চনাৰে মুখৰিত হৈ পৰিল চহৰখনৰ আকাশ বতাহ। উল্লেখ্য যে যোৱা ২ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা এই দৌল মহোৎসৱখনিত বিভিন্ন আকৰ্ষনীয় কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি সোমবাৰৰ সন্ধিয়া গন্ধোৎসৱ অনুষ্ঠিত কৰা হয়। পৰৱৰ্তী দিন অৰ্থাৎ মঙ্গলবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰে পালন কৰা হয় ভৰদৌল হিচাপে।
পুৱা নাম-প্ৰসঙ্গৰ পাছত সত্ৰৰ চোতালত খেল-ধেমালি অনুষ্ঠিত কৰা হয়। কালি ওদালগুৰি দৌল মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত স্থানীয় মধ্য ওদালগুৰি ৰাজহুৱা নামঘৰ(ৰাখাল ঘৰ) প্ৰাঙ্গণৰ পৰা উলিওৱা হয় এই বাটৰ হোলী প্ৰতিযোগিতা। এই বাটৰ হোলী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বিভিন্ন প্ৰান্তৰ পৰা অহা পুৰুষ-মহিলা, যুৱক-যুৱতীৰ হোলীগীতৰ দলে।
ইয়াৰ পাছত সন্ধিয়া সত্ৰ প্ৰাঙ্গণৰ স্থায়ী মঞ্চত হোলীগীত প্ৰদৰ্শন কৰা হয়। আনহাতে অন্তিমদিনা অৰ্থাৎ আজি পালন কৰা হয় সুঁৱেৰী তথা হোলী উৎসৱ। পুৱা নিত্য প্ৰসঙ্গৰ পাছতে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত খেলা হয় হোলী। কন কন শিশুৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী কিম্বা আৱাল বৃদ্ধ মতলীয়া হৈ পৰে হোলীৰ আনন্দত। আবিৰৰ ৰঙত মনচঞ্চলা হৈ সকলোৱে হোলীৰ আনন্দ কৰা দেখা যায়। ইয়াৰ পাছত বিয়লি ২ বজাত শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ পৰা উলিওৱা হয় শ্ৰীকৃষ্ণৰ ঘুনুচা যাত্ৰা।
কলীয়া গোঁসাইক চহৰখনৰ মাজেৰে সমদল কৰি মধ্য ওদালগুৰি ৰাখাল নামঘৰলৈ হেকটা খুৱাবলৈ নি পুনৰ ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰলৈ অনা হয়। সমদলটি আহি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ দুৱাৰমুখত উপস্থিত হোৱাৰ লগে লগে সত্ৰৰ চোতালত অনুষ্ঠিত হয় বাঁহ ভঙা পৰম্পৰা। এই পৰম্পৰাৰ অন্তত গোসাঁইক সত্ৰৰ চাৰিওপাশ প্ৰদক্ষিণ কৰি সত্ৰৰ মণিকূটত প্ৰৱেশ কৰোৱা হয়।
ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত অনুষ্ঠিত এই বাহ ভঙা পৰম্পৰা চাবলৈ সত্ৰৰ চোতালত হাজাৰ হাজাৰ জনতাই ভিৰ কৰাৰ লগতে বাঁহ ভঙা পৰম্পৰাত অংশ লয় শতাধিক যুৱকে। এনেদৰে হাজাৰ হাজৰ লোকৰ সমাগমেৰে শ্ৰীকৃষ্ণৰ ঘুনুচা যাত্ৰা, সুৱেৰী উৎসৱৰ অন্তত ওদালগুৰিত সামৰণি পৰিল শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us