পৰিবৰ্তনৰ দৰকাৰ,প্ৰমোদ বড়োৰ চৰকাৰ – ওদালগুৰিত বিপিএফৰ ভেটি কঁপাইছে ইউপিপিএলে…

পৰিবৰ্তনৰ দৰকাৰ,প্ৰমোদ বড়োৰ চৰকাৰ – ওদালগুৰিত বিপিএফৰ ভেটি কঁপাইছে ইউপিপিএলে…

ডিজিটেল ডেস্ক : বিটিএডিত বলিছে নিৰ্বাচনী প্ৰচাৰৰ জোৰদাৰ বতাহ । সমগ্ৰ বিটিএডিতে পৰিবৰ্তনৰ জোৱাৰ । হাগ্ৰামা মহিলাৰীৰ অপশাসনৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ । হাগ্ৰামা বাহিনীৰ ১৫ বছৰীয়া ৰাজত্ব অৱসান ঘটাবলৈ সাজু হৈছে বিটিএডিবাসী ।

বিপিএফৰ দূৰ্গ হিচাপে পৰিচিত ওদালগুৰিত এতিয়া ইউপিপিএলৰ বিশাল জনসভা । পৰিবৰ্তনৰ দৰকাৰ প্ৰমোদ বড়ো চৰকাৰৰ গীত গাই গাই ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ সভাত যোগ দিছে জনতাই । নলবাৰীত বৃহস্পতিবাৰে আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত দেখা গ'ল এক বিৰল দৃশ্য ।

ওদালগুৰি চহৰৰ সমীপবৰ্তী নলবাৰীত আয়োজিত এই বিশাল জনসভাত প্ৰমোদ বড়ো প্ৰবেশ কৰাৰ লগে লগে – "পৰিবৰ্তনৰ দৰকাৰ,প্ৰমোদ বড়োৰ চৰকাৰ" শীৰ্ষক গীত গাই সমস্বৰে ইউপিপিএলৰ নেতা গৰাকীক আদৰনি জনাই ।

৩৮ নং ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাৰ্থী তথা ইউপিপিএলৰ অন্যতম শীৰ্ষ নেতা গোবিন্দ বসুমতাৰিৰ সঞ্চালনত অনিষ্ঠিত সভাত সুবিধাবাদী ৰাজনীতিবিদৰ বিৰুদ্ধে প্ৰমোদ বড়ো সৰৱ হৈ পৰে । সূদীৰ্ঘ বছৰে বিটিএডিত কোনো উন্নয়ন নহ'ল বুলি উল্লেখ কৰি হাগ্ৰামাৰ দূৰ্নীতিৰ বাবেই বিটিএডিবাসী আজিও ঔ,কছু ঢেকীয়া বিক্ৰী কৰি খাব লগীয়া পৰিবেশ অব্যাহত আছে বুলি তেওঁ কয় ।

ভাষনত প্ৰমোদ বড়োৱে লগতে কয় যে যোৱা ১৭ বছৰে কোন জনগোষ্ঠীৰ কি পৰিবৰ্তন হ'ল । অসমীয়া সকল সকলো দিশতে আগবাঢ়া হৈও ভষা সংস্কৃতিৰ ক্ষেত্ৰতে শংকিত হ'ব লগা হ'ল । হাগ্ৰামাৰ ১৭ বছৰীয়া শাসনক কলা অধ্যায় আখ্যা দি ইউপিপিএলৰ চৰকাৰ হ'লে বিটিআৰ সকলো দিশতে উজলাই তোলাৰ প্ৰতিশ্ৰুতি দিয়ে তেওঁ ।

উপস্থিত ৰাইজক সম্বোধন কৰি বড়োৱে কয় – আমি ৰাজনীতিৰ নামত ৰাজনীতি কৰিবৰ বাবে অহা নাই । বহু ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা আছে । কিন্তু তেওঁলোকৰ বাবে বিটিআৰ কোনো পৰিবৰ্তন নহ'ল । গুনগত শিক্ষাৰে প্ৰকৃত মানৱ সম্পত গঢ়ি তুলিব বুলিও প্ৰতিশ্ৰুতি দিয়ে সভাত ।

ইউপিপিএলৰ নেতা গৰাকীয়ে হাগ্ৰামাৰ সোমালোচনাৰ উত্তৰ দি এবছৰত ১ লাখ লোকক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰি কয় এই সন্দৰ্ভত আমাৰ পলিচি সাজু আছে । সাক্ষাতকাৰ দিয়াৰ দিনাই চাকৰি প্ৰাপ্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা, সকলো জাতি জনগোষ্ঠীৰ প্ৰাৰ্থীকে অগ্ৰাধিকাৰ দিয়া, শাসনলৈ অহা ৬ মাহৰ ভিতৰতে আন জনগোষ্ঠীৰ মাটিৰ সমস্যা সমাধান কৰা প্ৰতিশ্ৰুতি দিয়ে নেতা গৰাকীয়ে ।

অত্ম সহায়ক মহিলা গোটৰ সাহায্য ৭৫ হাজাৰৰ পৰা ৪ লাখ পৰ্যন্ত কৰাৰো আশ্বাস দিয়ে তেওঁ । এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্মই জন সংগ্ৰাম দেখি অভিভূত হৈ পৰে । বিজেপি আৰু বিপিএফে মিঠা আম, টেঙা আম ক'লেও এতিয়া আমৰ বতৰ নহয় । আমি বিটিআৰ বাসীক আপেল খুৱাম । হাগ্ৰামাৰ ১০০০ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত সমালোচনা কৰি বিজেপিক লক্ষ্য কৰি লয় ব্ৰহ্মই ।

তেওঁ কয় – নিৰ্বাচনৰ আগমূহুৰ্তন হাগ্ৰামাৰ কেলেংকাৰীৰ কথা ক'লে নহ'ব । আগতেই বিজেপিয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল । তেওঁ বিটিছিত বিজেপিৰ কোনো কাম নাই বুলি উল্লেখ কৰে । বিটিছিত বিজেপিয়ে দুখন আসন পাৱ বুলি তেওঁ ভবিষ্যত বানী দিয়ে । এই জনসভাত এনে জনজাগৰন দলটোৰ বাবে ইতিবাচক দিশ ৰূপে বিবেচিত হৈছে ।

বিগত নিৰ্বাচনত ওদালগুৰিত বিপিএফে ১০ খনৰ ভিতৰত ৯ খন আসনেই লাভ কৰিছিল । কিন্তু এতিয়া তাত বিপিএফৰ সলনি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in