৮ বছৰে সম্পূৰ্ণ নহ’ল ৰৌতা-ওদালগুৰি সংযোগী পথ…

৮ বছৰে সম্পূৰ্ণ নহ’ল ৰৌতা-ওদালগুৰি সংযোগী পথ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ "কেতিয়া সম্পূৰ্ণ হব ওদালগুৰি জিলা সদৰৰ পৰা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ৰৌতা-ওদালগুৰি পথ?"- এই প্ৰশ্ন পথটোৰে দৈনিক অহা-যোৱা কৰি নৰক যন্ত্ৰত ভোগা ভুক্তভোগী ৰাইজৰ।

প্ৰায় ৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণকাৰ্য আৰম্ভ হোৱা পথটোৰ কাম বিগত ২০১১ চনতে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জিলা সদৰক সংযোগ কৰা এক আচনিৰ জৰিয়তে আৰম্ভ হৈছিল যদিও আজিও সম্পূৰ্ণ নহ'ল। ইয়াৰ আঁৰত আছে চিমপ্লেক্স নামৰ পথ নিৰ্মাণকাৰী কোম্পানীটো।

পথটোৰ বহু অংশৰ কাম সম্পূৰ্ণ হৈছিল যদিও কোম্পানীটোৰ ম‌ইমতালিত সম্প্ৰতি নিৰ্মাণ কাৰ্য কেবাবছৰো বন্ধ থকাত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা অংশসমূহো জহি খহি যাবলৈ আৰম্ভ কৰিছে। পথটোৰ ওপৰত থকা গুৰুত্বপূৰ্ণ দলং সমূহৰ ৰূপ জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিছে। দৈফাং চ'কৰ সমীপত থকা দলঙখনত একপ্ৰকাৰ ফাঁট মেলাৰ লগতে দলংখনৰ ওপৰৰ বিভিন্ন স্থানত ওলাই পৰিছে ৰদসমূহ।

এই ৰদসমূহ ওলাই পৰাৰ ফলত পোহৰলৈ আহিছে অন্য এক দুৰ্নীতিৰ ঘটনা। পথাচাৰীৰ অভিযোগ অনুসৰি অতি গুৰুত্বপূৰ্ণ পথটিৰ ওপৰত থকা বৃহৎ দলংখনৰ ৰদসমূহলৈ লক্ষ্য কৰিলে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহৃত হোৱাৰ উমান পোৱা যায়। ফলত দলংখনত যিকোনো মূহুৰ্তত অঘটন সংঘটিত হোৱাৰ আশংকা কৰা হৈছে।

ইফালে অতি ব্যস্তপূৰ্ণ পথটোৰে অহা-যোৱা কৰা লোকসকল যিকোনো সময়ত দূৰ্ঘটনাত পতিত হোৱাৰ আশংকাত আতংকিত হৈ পৰাৰ কথা জানিবলৈ দিয়ে। পথটোৰ গৰৈবাৰী অঞ্চলত থকা দুখনকৈ গুৰুত্বপূৰ্ণ দলঙৰ জৰাজীৰ্ণ ৰূপ প্ৰতিফলিত হৈছে। কোম্পানীটোৱে আজিলৈ উক্ত দলং দুখন নিৰ্মাণ নকৰাত দলং দুখনত দেখা গৈছে বাহেৰে নিৰ্মিত ৰেলিং।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ অন্তৰ্গত ৰঙিয়া ডিভিজনৰ অধীনত থকা পথটোৰ এনে দুৰৱস্থা সন্দৰ্ভত বিভিন্ন বাতৰি প্ৰকাশ পোৱাৰ পাছত অৱশেষত মুখ খুলিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা পথটোৰ নৰক যন্ত্ৰণাৰ ভুক্তভোগী স্থানীয় বিধায়ক ৰিহন দৈমাৰীয়ে। মন্ত্ৰী দৈমাৰীয়ে কয় যে স্থানীয় ৰাইজৰ সমান্তৰালভাৱে ময়ো পথটোৰে ভ্ৰমণ কৰি তিক্ত অভিজ্ঞতা পোৱা এগৰাকী ভুক্তভোগী। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে উক্ত পথটোৰ অৱস্থা সন্দৰ্ভত বিগত কিছুদিন পূৰ্ৱে বিভাগটোৰ মূখ্য অভিযন্তাৰ সৈতে ম‌ই কথা পাতিছিলো।

পথটোৰ নিবিদাৰ কাম দিল্লীত হোৱাৰ সময়ত চিমপ্লেক্স কোম্পানীটোৱে পথটোৰ ঠিকা লাভ কৰিছিল। সেই সন্দৰ্ভত কোম্পানীটোৰ সৈতে মন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ কথা সদৰি কৰে। ইয়াৰোপৰি পূৰ্ৱে ৰজ্যৰ গড়কাপ্তানী বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰী পৰিমল শুক্লবৈদ্যকো বিষয়টো সন্দৰ্ভত জনোৱা হৈছিল যদিও বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰা বুলি অভিযোগ কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে।

মন্ত্ৰী দৈমাৰীয়ে কোম্পানীটো সন্দৰ্ভত অভিযোগ তুলি কয় যে যদি প্ৰতিষ্ঠানটোৰ কাম কৰাৰ ইচ্ছা নাই তেন্তে বাতিল কৰিব লাগে। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰি বাতিলো নকৰি বৃহৎ পথ নিৰ্মাণ কোম্পানীটোৱে ৰাইজক পণবন্দী কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে ক্ষোভ ব্যক্ত কৰে।

যিসময়ত বৰ্তমানৰ অসমৰ গড়কাপ্তানি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চাইকেল চলাই ৰাজপথ নিৰ্মাণ কাৰ্যৰ তদাৰক কৰাৰ কথা ঘোষণা কৰিছে। তেনে সময়ত একাংশ ক্ষোভিত পথাচাৰীয়ে উক্ত পথটোত চাইকেল চলাবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান কৰাৰ বিপৰীতে আন একাংশ‌ই মন্ত্ৰীগৰাকীক চাইকেলৰ সলনি গাড়ীৰে আহিলেই পথটোৰ নিৰ্মাণ কাৰ্যৰ বিষয়ে জ্ঞাত হব বুলি ভুক্তভোগী ৰাইজে দাবী কৰে।

এতিয়া প্ৰশ্ন হয় পথটো তথা পথটোৰ ওপৰত থকা জৰাজীৰ্ণ অৱস্থালৈ গতি কৰা দলংসমূহ সন্দৰ্ভত ওদালগুৰি জিলা প্ৰশাসন, গড়কাপ্তানি বিভাগৰ লগতে সংশ্লিষ্ট ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে জ্ঞাত হোৱাৰ পাছতো কি কাৰণত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in