ওদালগুৰিৰ বিভিন্ন স্থানত যুৱ ছাত্ৰই উৰুৱালে ক’লা পতাকা…

ওদালগুৰিৰ বিভিন্ন স্থানত যুৱ ছাত্ৰই উৰুৱালে ক’লা পতাকা…

ডিজিটেল সংবাদ, ওদালগুৰিঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে শুক্ৰবাৰে নিশা কেন্দ্ৰীয় চৰকাৰখনে ৰাজপত্ৰিত জাননী যোগে সমগ্ৰ দেশতে এই আইনখন বলবৎ কৰে। ইয়াৰ পাছতে পুনৰ প্ৰতিবাদত উত্তাল হৈ পৰে ৰাজ্য।

ৰাজ্যৰ জনসাধাৰণৰ এই প্ৰতিবাদক আওকান কৰি কেন্দ্ৰীয় চৰকাৰখনে বলবৎ কৰা আইনখনৰ বিৰুদ্ধে আজি ওদালগুৰিত জাঙুৰ খাই উঠে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। সংগঠনটোৰ সদস্যসকলে পুৱাই ওদালগুৰি চহৰখনৰ বিভিন্ন ৰাজহুৱা স্থানত ক'লা পতাকা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰি ১১ জানুৱাৰীৰ দিনটো ক'লা দিন হিচাপে অভিহিত কৰে।

সংগঠনটোৱে ওদালগুৰি গণেশ বজাৰ, শ্বহীদ বেদী, স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণৰ সন্মুখত ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰি আইনখন বাতিলৰ দাবী জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in