মাজবাটত ৰেলৰ খুন্দাত গুৰুতৰভাৱে আহত এজন…

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল সংবাদ, ওদালগুৰিঃ শনিবাৰে নিশা ওদালগুৰি জিলাৰ মাজবাট ৰেল ষ্টেচনত সংঘটিত হয় এক অঘটন। ৰেলৰ উজনিমুৱা ৰেলৰ চেপাত গুৰুতৰভাৱে আহত হয় এজন লোক। জানিব পৰা মতে শনিবাৰে নিশা ১১.৪০ বজাত কামাখ্যা-মুৰ্কংচেলেক লাচিত এক্সপ্ৰেছ ৰেলগাড়ীখনে মাজবাট ৰেল ষ্টেচনৰ পৰা এৰাৰ সময়ত চলন্ত ৰেলখনত উঠিবলৈ চেষ্টা কৰে মাজবাট বেতিবাৰী চাহ বাগিচাৰ ৰোনা গোড় নামৰ এগৰাকী লোক।

পাছত হঠাৎ লোকজন ৰেলৰ পৰা পিচলি তলত পৰাত তেওঁৰ এখন ভৰি ৰেলৰ চকাত লাগি কটা যায়। লগে লগে লোকজনক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in