শেহতীয়া খবৰ
মঙলদৈত ৰক্তদান শিবিৰঃ ১২০ গৰাকীকৈ ৰক্তদাতাই কৰিলে ৰক্তদান... • এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ...

লকডাউনৰ মাজতে ওদালগুৰিত উদ্ধাৰ AK56 ৰাইফল, চীনা গ্ৰেণেডৰ লগতে বহু অস্ত্ৰ-শস্ত্ৰ…

245

ডিজিটেল সংবাদ, ওদালগুৰিঃ শুকুৰবাৰে নিশা ওদালগুৰিত উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰ। ওদালগুৰি আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এই অস্ত্ৰসমূহ। গোপন সূত্ৰৰ খবৰ ভিত্তিত আৰক্ষীৰ এটি বৃহত দলে চলাইছিল এই অভিযান। উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে এটা AK56 ৰাইফল।

উদ্ধাৰ হোৱা অস্ত্ৰ্ সমূহৰ ভিতৰত আছে AK56 ৰাইফলৰ ১৬জাই সজীৱ গুলী, ৮ জাই খালী কাৰ্টিজ।লগতে উদ্ধাৰ কৰা হয় প‌ইণ্ট ৩২ পিষ্টলৰ ৫ জাই সজীৱ গুলী আৰু 9mm পিষ্টলৰ ৬জাই সজীৱ গুলী, এটা হস্তনিৰ্মিত পিষ্টল আৰু এটা চাইনীজ গ্ৰেণেড।

নিশা ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ১ নম্বৰ গৰৈবাৰীৰ পৰা উদ্ধাৰ হয় অস্ত্ৰখিনি। অস্ত্ৰখিনিৰ সৈতে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলটোৱে। ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষী থানাত ৰুজু হৈছে এটা গোচৰ। অস্ত্ৰখিনি কাৰ সেয়া এইমূহুৰ্তলৈ জানিব পৰা হোৱা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি