শেহতীয়া খবৰ
"কোৰোনাই নামাৰে, আমি খাবলৈ নাপাইহে মৰি থাকিম, আমাক ৰক্ষা কৰক", কোৱাৰেন্টাইন চেন্টাৰত থকা যুৱকে কিয় ক'লে এনেকৈ, VIDEO • অসমৰ আকাশত ওলোটা ৰামধেনু, অশনি সংকেত বুলি ছ'চিয়েল মিডিয়াত চৰ্চা, প্ৰকৃততে কিয় ওলোটাকৈ ওলাই ৰামধেনু • হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডঃ পলাতক খবিৰউদ্দিন আহমেদক গ্ৰেপ্তাৰ... • ৰাজ্যত পুনৰ ১৫ জন নতুন কোৰোনা ৰোগী চিনাক্ত • ৰুদ্ৰ ৰূপ লৈছে কপিলীয়ে, ছিঙিলে ২ টা মথাউৰি, বাসগৃহৰ ভিতৰতো সোমাল পানী, VIDEO • ভয়ংকৰ দৃশ্য! আপুনি পূৰ্বে নেদেখা বিস্ফোৰণ প্ৰত্যক্ষ কৰক, VIDEO • ভাৰতত কোৰোনাৰ সন্ত্ৰাস অব্যাহত, বিগত ২৪ ঘন্টাত মৃত্যু ১৯৪ গৰাকীৰ, আক্ৰান্ত ৬,৫৬৬... • নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতঃ আৰক্ষীয়ে বৃহস্পতিবাৰে ৫৩৬ বিদেশী নাগৰিকৰ বিৰুদ্ধে দাখিল কৰিব ১২খন চাৰ্জশ্বীট • ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৫৩৪ জনলৈ বৃদ্ধি • অৱসৰপ্ৰাপ্ত জিলা আৰু চেচন ন্যায়াধীশ ইছমাইল হুছেইন মল্লিকৰ পৰলোকপ্ৰাপ্তি

ওদালগুৰিত ২য় জাষ্টিন লাক্ৰা মেম’ৰিৰেল ফুটবল প্ৰতিযোগীতাৰ শুভাৰম্ভণী

155

ডিজিটেল সংবাদ, হৰিশিঙাঃ আদিবাসী সকলৰ জাতীয় পিতা জাষ্টিন লাক্ৰাৰ দ্বিতীয় বাৰ্ষিক সোৱৰণী ফুটবলখেলৰ উদ্বোধনী খেলখন ওদালগুৰি জিলা আছাৰ উদ্দ্যোগত বুধবাৰে হাতীগড় খেলপথাৰত অনুস্থিত হয়। খেলখনৰ আৰম্ভণীতে পতাকা উত্তোলন কৰে আছাৰ ওদালগুৰি জিলা সভাপতি টিংকু ওৰাঙে।

তাৰ পাছতে জাষ্টিন লাক্ৰাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়। হাতীগড় চাহ বাগিচাৰ মেনেজাৰ প্ৰাণ প্ৰতিম ভট্টাচাৰ্য্যই উক্ত খেলখনৰ শুভাৰম্ভ কৰে। কবিৰালি এফ চি আৰু আটাৰিখাত এফ চি দলে অংশগ্ৰহণ কৰা খেলখনত কবিৰালিয়ে আটাৰিখাতক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

উক্ত খেলখনত হৰিশিঙা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেমাংকুৰ হাজৰিকা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সভাপতি টিংকু ওৰাং, আছাৰ জিলা সাংগঠনিক সম্পাদক ৰবিন গোৱালাকে আদি কৰি বহু সংখ্যক লোক উপস্থিত আছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি