ওদালগুৰিৰ পথাৰত নৰাৰে বনালে হেলিকপ্তাৰ…

ওদালগুৰিৰ পথাৰত নৰাৰে বনালে হেলিকপ্তাৰ…

ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰিৰ কৃষি পথাৰত হেলিকপ্তাৰ অৱতৰণ। অৱশ্যে এয়া আচল হেলিকপ্তাৰ নহয়, নৰাৰে নিৰ্মিত হেলিকপ্তাৰহে। পুহমহীয়া শীতৰ সেমেকা সুৱাসৰ তালে তালে অসমীয়াৰ পদুলিমুখ পোৱা বাপতিসাহোন ভোগালী বিহুক আদৰিবলৈ এতিয়া ৰাজ্যজুলি চলিছে ব্যাপক প্ৰস্তুতি। নগৰ অঞ্চলত কিছু পৰিমাণে সেমেকা হ'লেও কোভিড১৯ পৰিৱেশৰ পৰা ৰাজ্যৱাসীয়ে কিছু পৰিমাণে সকাহ পোৱাৰ পাছতে এতিয়া ভোগালীক আদৰাৰ বাবে দুগুণ উৎসাহেৰে ওলাই আহিছে চহা গাওঁৱাসী। ব্যতিক্ৰম নহয় ওদালগুৰি জিলাও।

বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰি থকা ওদালগুৰি জিলাৰ সকলো প্ৰান্তৰ ভিন্ন স্বকীয় পৰম্পৰাৰে ভোগালীক আদৰিবলৈ সাজু হৈছে অসমীয়া, বড়ো, ৰাভা, গাৰো, গোৰ্খা, আদিবাসী ইত্যাদি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক। ওদালগুৰি জিলাৰ লক্ষীন্দৰ আৰু বেউলাৰ স্মৃতি বিজড়িত অদলাগাওঁৰ লগতে দোৱামখা তামোলবাৰী আদি গাওঁত ভোগালী বিহুক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি।

দোৱামখা তামোলবাৰী গাওঁত স্থানীয় শিল্পী তথা চাকৰিয়াল কমলেশ্বৰ ৰাভাৰ নেতৃত্বত এদল স্থানীয় যুৱকে এইবাৰ দিছে ভোগালীৰ অন্য এক চমক। বিগত প্ৰায় এমাহ আগৰ পৰাই আৰম্ভ কৰা ভেলা ঘৰ নিৰ্মাণ কাৰ্যই এতিয়া চুড়ান্ত ৰূপ লৈছে। দোৱামখা তামোলবাৰী গাওঁবাসীয়ে এইবাৰ বাঁহ আৰু ধানৰ নৰাৰে সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে এখন হেলিকাপ্তাৰৰ লগতে এটি দুমহলীয়া ভেলাঘৰ। ভেলাঘৰৰ আগফালে বাটচৰা নিৰ্মাণ কৰি এটি বাটচৰাও।

ভোগালী বিহুৰ এমাহ আগৰ পৰাই কমলেশ্বৰ ৰাভাৰ তত্বাৱধানত স্থানীয় ডেকাসকলে নিৰ্মাণ কৰি হেলিকাপ্তাৰ আৰু সুন্দৰ দুমহলীয়া ভেলাঘৰৰ চুড়ান্ত ৰূপ দি এতিয়া ভোগালীৰ উৰুকাৰ বাবে সাজু হৈছে গাওঁবাসী। এনে ব্যতিক্ৰমী চমকে স্বাভাৱিকতে সমগ্ৰ ওদালগুৰিৱাসীৰে দৃষ্টি আকৰ্ষিত কৰা দেখা গৈছে। এইসন্দৰ্ভত ৰাভাই সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় যে যিহেতু বৰ্তমান সময়ত ৰাজনৈতিক নেতাসকলৰ সৈতে সাধাৰণ ৰাইজৰ প্ৰত্যক্ষ সংযোগ নোহোৱা হৈছে।

নেতাসকলে বিভিন্ন স্থানত হেলিকাপ্তাৰেৰে আহি বিলাসী অট্টালিকাত যাপন কৰে। গাওঁ অঞ্চলৰ ৰাইজৰ যিহেতু তেনে ধৰণৰ হেলিকাপ্তাৰ চোৱাৰ সৌভাগ্য নহয়, সেয়েহে ভোগালীৰ বিষয়বস্তু হিচাপে ৰাভাই ধানৰ নৰাৰে হেলিকাপ্তাৰ খনৰ লগতে বিলাসী অট্টালিকাৰ আৰ্হিত উক্ত দুমহলীয়া ভেলাঘৰটো নিৰ্মাণ কৰি এক প্ৰতিচ্ছবি দাঙি ধৰাৰ চেষ্টা কৰা বুলি উল্লেখ কৰে। সমান্তৰালভাৱে গাওঁবাসীয়ে সমূহীয়াভাৱে উৰুকা খোৱাৰ প্ৰস্তুতিও সম্পূৰ্ণ কৰি তুলিছে।

উৰুকাৰ নিশা বিভিন্ন ব্যঞ্জনেৰে উক্ত দুমহলীয়া ভেলাঘৰতেই স্থানীয় গাওঁবাসীয়ে লগে ভাগে তৃপ্তিৰে এসাঁজ খাই আনন্দ কৰাৰ লগতে মাঘৰ সংক্ৰান্তিৰ দিনা মেজিত জুই দি অপায় অমংগল নাশ হোৱাৰ কামনা কৰিব। দোৱামখা তামোলবাৰীৰ লগতে ওদালগুৰিৰ প্ৰতিখন অসমীয়া গাওঁত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি পৰলক্ষিত হৈছে। পিঠা-পনা তৈয়াৰৰ বাবে দিনে নিশাই অসমীয়া জীয়ৰী-বোৱাৰীসকল ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in