তেজৰ অভাৱত এতিয়াৰ পৰা ওদালগুৰিত মৃত্যু নহয় ৰোগীৰ, মুকলিৰ পাছত প্ৰথমবাৰৰ বাবে ৰক্তদান শিৱিৰ ওদালগুৰি ব্লাড বেংকত

তেজৰ অভাৱত এতিয়াৰ পৰা ওদালগুৰিত মৃত্যু নহয় ৰোগীৰ, মুকলিৰ পাছত প্ৰথমবাৰৰ বাবে ৰক্তদান শিৱিৰ ওদালগুৰি ব্লাড বেংকত

ডিজিটেল সংবাদ, ওদালগুৰিঃ দেশ স্বাধীন হোৱাৰ ৭২ বছৰ পিছত বিগত বৰ্ষৰ ৭ ডিচেম্বৰত ওদালগুৰি জিলাৰ সদৰত থকা ২০০ খন বিচনাযুক্ত ওদালগুৰি অসামৰিক চিকিৎসালয়ত উদ্বোধন কৰা হৈছিল ব্লাড বেংক। জিলাখনত চৰকাৰী-বেচৰকাৰী খণ্ডত এটাও ব্লাড বেংক নথকাৰ বাবে দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীয়ে তেজৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছিল। আনকি প্ৰয়োজনীয় ৰক্তৰ অভাৱত প্ৰসুতি মাতৃকে ধৰি দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত কেইবাজনো লোকে তেজৰ অভাৱত অকাল মৃত্যুক সাবটি ল'বলগীয়া পৰিৱেশৰো সৃষ্টি হৈছিল।

এই সমস্যাৰ সমাধানৰ দাবী দীৰ্ঘদিন ধৰি কৰি অহাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ অন্তৰ্গত ওদালগুৰি স্বাস্থ্য বিভাগৰ তৎপৰতাত ২০০ ইউনিট তেজ সংৰক্ষণ কৰি ৰাখিব পৰা ব্লাড বেংকটো উদ্বোধন কৰি প্ৰথম ইউনিট ৰক্ত দান কৰিছিল বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে। কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত এই ব্লাড বেংটোত কোনো ধৰণৰ ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰা হোৱা নাছিল যদিও বৃহস্পতিবাৰে ওদালগুৰি জিলা অসামৰিক চিকিৎসালয়ত পোন প্ৰথমবাৰৰ বাবে ৰক্তদন শিবিৰ অনুষ্ঠিত হয়।

ওদালগুৰি জিলা অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংক আৰু ৰেড ক্ৰছ চছাইটিৰ উদ্যোগত এই শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিবিৰৰ জৰিয়তে আজি বিভিন্নজন ৰক্তদাতাৰ পৰা মুঠ ৫ ইউনিট তেজ সংগ্ৰহ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত এক সভাত পৰৱৰ্তী পৰ্যায়ত প্ৰতিমাহে এই ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হ'ব আৰু ইয়াৰ জৰিয়তে ৰোগীসকল যথেষ্ট উপকৃত হব বুলি মন্তব্য প্ৰকাশ কৰি অসামৰিক চিকিৎসালয়খনৰ অধীক্ষক ডাঃ সুদীপ ৰঞ্জন দে'য়ে। এতিয়াৰেপৰা কোনো ৰোগীয়ে চিকিৎসালয়খনত তেজৰ অভাৱত বিপদত পৰিবলগীয়া নহয় বুলি বিভিন্ন জনে মত ব্যক্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in