ওদালগুৰিত আক্ৰাছুৰ নেতাৰ বিৰুদ্ধে অবৈধ তীৰ ব্যৱসায়ৰ অভিযোগ খোদ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ…

ওদালগুৰিত আক্ৰাছুৰ নেতাৰ বিৰুদ্ধে অবৈধ তীৰ ব্যৱসায়ৰ অভিযোগ খোদ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ শনিবাৰে ওদালগুৰি জিলাৰ ৰৌতাৰ বৰাঙাবাৰীত আক্ৰাছুৰ এটা গোটে সংবাদ মেল সম্বোধন কৰি এগৰাকী কেন্দ্ৰীয় নেতাৰ লগতে আন দুগৰাকী জিলা সমিতিৰ নেতাক বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পিছদিনা অৰ্থাৎ দেওবাৰে ওদালগুৰি জিলা আক্ৰাছুৰ আন এটা গোটে তেওঁলোকৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি শনিবাৰে সিদ্ধান্ত গ্ৰহণকাৰী লোককেইগৰাকী ভণ্ড নেতা আখ্যা দিয়ে।

দেওবাৰৰ সংবাদমেলত উপস্থিত থাকি কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ভৱেন ৰাজবংশীয়ে কয় যে একাংশ ভণ্ড তথা কেন্দ্ৰীয় সমিতিয়ে বহিষ্কাৰ কৰা নেতাই সংগঠনৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। সংগঠনৰ নামত ৰাজনৈতিক নেতাৰে হলি গলি কৰি অসাংবিধানিক কাম কৰাৰ বাবে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিয়ে হেমন্ত বড়া নাথৰ লগতে দিব্যজ্যোতি ডেকাক সংগঠনৰ পৰা বহিষ্কাৰ কৰিছিল। কিন্তু এইসকল বহিষ্কৃত নেতাই কোনো লোককে বহিষ্কাৰৰ ক্ষমতা নাথাকে।

লগতে ৰাজবংশীয়ে উল্লেখ কৰি কয় যে অনাকোচ সম্প্ৰদায়ৰ পৰা আহি একাংশ নেতাই সংগঠনৰ বাকজৰি লোৱাৰ নামত সংগঠন তথা কোচ-ৰাজবংশী জাতিটোক বিপথে পৰিচালিত কৰাটো সহ্য কৰা নহব। কালি জৰুৰী কাৰ্যনিৰ্বাহক সভা উপস্থিত থকা তথাকথিত নেতাকেইগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰি সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ভৱেন ৰাজবংশীয়ে কেতবোৰ বিষ্ফোৰক মন্তব্য প্ৰদান কৰে আজিৰ সংবাদমেলখনত।

তেওঁ কয় যে শনিবাৰৰ সেই বহিষ্কৃত নেতা কেইগৰাকীয়ে জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দ্বায়িত্ব দিয়া মিঠুন বৰুৱা হ'ল এগৰাকী তীৰ খেলৰ ব্যৱসায়ী। নিজেই অসামাজিক কাৰ্যৰ লগত জৰিত বৱযক্তি এজনে কেনেদৰে এটা জাতিক আগুৱাই নিব সেয়া লক্ষ্যণীয় বিষয় বুলি উল্লেখ কৰি এইসন্দৰ্ভত জিলা প্ৰশাসনত তীৰ ব্যৱসায়ীৰূপী স্বয়ম্ভু নেতাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তোলে। আজিৰ সংবাদমেলত জিলাসমিতিৰ সাধাৰণ সম্পাদক নৱজিৎ কোচ, উপ-সভাপতি অৰণ্য ডেকাৰ লগতে বহুকেইগৰাকী জিলা তথা আঞ্চলিক সমিতিৰ বিষয়বৱীয়া উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in