ওদালগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা…

ওদালগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা…

ডিজিটেল সংবাদ,ওদালগুৰিঃ শুকুৰবাৰে সন্ধিয়া ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত হৰিশিঙা-ওদালগুৰি পথৰ অম্বাগাওঁত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰৈ থকা ডাম্পাৰক খুন্দিয়াই এএছ০১ডিএম৮২২২ নম্বৰৰ এল্টো কে-১০ বাহনে।

ঘটনাৰ বিৱৰণী মতে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ দুই সদস্য ক্ৰমে অৰ্ণৱজান ওজা(২৫) আৰু প্ৰাঞ্জল বৰুৱা(২৫)ই এক বিশেষ কামত অম্বাগাওঁৰ মৌ-মাৰীলৈ গৈছিল। পিছত ওদালগুৰি অভিমুখে উভতি আহি থকা সময়ত ৬:২৫ বজাত হৰিশিঙা-ওদালগুৰি পথৰ অম্বাগাওঁত বাহনখন নিয়ন্ত্ৰণহীন হৈ ৰৈ থকা ডাম্পাৰত খুন্দা মাৰে। লগে লগে ঘটনাস্থলীৰ পৰা ডাম্পাৰখনে পলায়ন কৰে।

পাছত স্থানীয় ৰাইজৰ সহযোগত দুয়োগৰাকী যুৱককে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত দুয়োগৰাকীকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। আহত দুয়োজনৰ প্ৰাঞ্জল বৰুৱাৰ নাক আৰু ডিঙিত আঘাতপ্ৰাপ্ত হয় আৰু অৰ্ণৱজান ওজাই বুকু, কাণৰ উপৰিও শৰীৰৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত হয়। দুয়োগৰাকী আঘাতপ্ৰাপ্তকে চিকিৎসকে সংকটমুক্ত বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in