ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক আছুৰ অভিনন্দনঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী, অসমত শিক্ষাৰ নামত ৰাজনীতি-ব্যৱসায় চলোৱাৰো অভিযোগ সংগঠনটোৰ

ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক আছুৰ অভিনন্দনঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী,  অসমত শিক্ষাৰ নামত ৰাজনীতি-ব্যৱসায় চলোৱাৰো অভিযোগ সংগঠনটোৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ "শিক্ষাৰ্থীসকলৰ লক্ষ্য কেৱল চাকৰি হোৱাটো অনুচিত। চাকৰিয়ে জাতিৰ ভাষা, কলা, সংস্কৃতি ৰক্ষা নকৰে। শিক্ষাৰ্থীসকলে গুণগত শিক্ষাৰ ওপৰতহে গুৰুত্ব দিয়া উচিত। সফলতাৰ কেতিয়াও অন্ত নাই। ই হৈছে এক অবিৰত যাত্ৰা। যি মেধাৱী শিক্ষাৰ্থীয়ে নিজৰ জাতি, নিজৰ সমাজ তথা নিজৰ ৰাজ্যখনৰ কথা চিন্তা নকৰে তেনে মেধাৰ প্ৰয়োজন নাই।" এই ভাষ্য সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি চিত্ত বসুমতাৰীৰ। ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত ২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষ্টাৰ মাৰ্ক লাভ কৰা অঞ্চলটোৰ ২১৯ গৰাকী শিক্ষাৰ্থীক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসঙ্গত এই মন্তব্য প্ৰদান কৰে নেতাগৰাকীয়ে।

লগতে তেওঁ কয় যে, স্বাধীনতাৰ সাতটা দশকৰ পাছতো অসমত এনে এগৰাকী অভিজ্ঞতাসম্পন্ন অভিযন্তা ওলোৱা নাই যিয়ে বিজ্ঞানসন্মতভাৱে ৰাজ্যখনৰ বানপানীৰ সমস্যা সমাধান কৰিব পাৰিছে। গতিকে ইমান বছৰে যিমান শিক্ষাৰ্থী মেধা হৈ ওলাইছে তেওঁলোক কিমান মেধাসম্পন্ন? জাতি নিৰ্মাণৰ আধাৰটোৱেই হ'ল শিক্ষা। কিন্তু অসমত এতিয়া শিক্ষাৰ নামত ৰাজনীতি আৰু ব্যৱসায় চলিছে। আজিৰ প্ৰজন্ম‌ই এটা চাকৰিৰ পিছত নদৌৰি হাজাৰটা চাকৰি মুকলি কৰিব পৰা বিধৰ হ'ব লাগিব। লগতে তেওঁ দেশ বিদেশৰ বিভিন্ন ক্ষেত্ৰত সফল হোৱা অমৰ ব্যক্তিসকলৰ উদাহৰণ দি শিক্ষাৰ্থীসকলক এওঁলোকৰ আদৰ্শ গ্ৰহণৰ আহ্বান জনায়।

নেতাগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে, এসময়ৰ আছুৰ পৰা আজি দিল্লী-দিচপুৰলৈ যোৱা নেতা কেইজনৰ ওপৰত আছুৰ ভৰসা নাই। আছুৰ ভৰসা কেৱল আজিৰ নৱ প্ৰজন্মৰ ওপৰত। প্ৰতিখন চৰকাৰে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰে যদিও গাদী দখলৰ পাছত অসমক মাহীআইৰ দৃষ্টিৰে চায়। অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাত প্ৰতিখন চৰকাৰৰ কৃপনালী কিয় বুলিও বসুমতাৰীয়ে প্ৰশ্ন কৰে।

এই অনুষ্ঠানৰ পূৰ্বে পুৱা ৯ বজাত আছুৰ পতাকা উত্তোলন কৰে আঞ্চলিক সমিতিখনৰ সভাপতি অভিজিৎ এছ কাশ্যপে, ৯:৩০ বজাত শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰে আঞ্চলিক সমিতিখনৰ সাধাৰণ সম্পাদক ৰাজদ্বীপ দাসে। ইয়াৰ পাছত দিনৰ ১১ বজাত আঞ্চলিক সমিতিৰ সভাপতি অভিজিৎ এছ কাশ্যপৰ সভাপতিত্বত অনুষ্ঠিত হয় বিশেষ অভিনন্দন অনুষ্ঠান। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰীয়ে ভাষণ প্ৰসঙ্গত কয় যে, বিটিএডি অঞ্চলত সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যুদ্ধ কৰিব লগীয়া হৈছে। শিক্ষাৰ্থীসকলে নিজৰ প্ৰাপ্যৰ বাবে ধৰ্ণা দিবলগীয়া হোৱাটো অতিশয় দুৰ্ভাগ্যজনক। বিটিএডি অঞ্চলত সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে সংৰক্ষিত শ্ৰেণীৰ তুলনাত অধিক নম্বৰ লাভ কৰিও মহাবিদ্যালয়সমূহত নামভৰ্তিৰ সুবিধা লাভ নকৰাটো বৰ্তমান এক চিন্তনীয় বিষয় হৈ পৰিছে বুলিও তেওঁ উল্লেখ কৰে।

ইয়াৰ পাছত উপস্থিত কৃৰ্তী শিক্ষাৰ্থীসকলক এখন ফুলাম গামোচা, এখন মানপত্ৰ আৰু এটি কলমেৰে সংগঠনটোৱে অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানটোত উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাস, নিতুল বৰা, জিলা উপ-আৰক্ষী অধীক্ষক ম‌ইদুল ইছলাম, গোলন্দী সেনা শিৱিৰৰ কৰ্ণেল আকাশ, ওদালগুৰি জিলা আছুৰ ভাঃ সাধাৰণ সম্পাদক বিপুলৰঞ্জন লহকৰৰ লগতে জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়-ববীয়া আৰু সদস্যসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in