‘কা’ৰ বিৰুদ্ধে ওদালগুৰিত আছুৰ জোঁৰ সমদল

‘কা’ৰ বিৰুদ্ধে ওদালগুৰিত আছুৰ জোঁৰ সমদল

ডিজিটেল সংবাদ, ওদালগুৰিঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিতো শুকুৰবাৰে জিলা আছুৰ উদ্যোগত এক বিশাল জোঁৰ সমদল বাহিৰ কৰা হয়। হাতে হাতে প্লে' কাৰ্ড লৈ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায়-হায়, নৰেন্দ্ৰ মোডী-অমিত শ্বাহ হায় হায়, সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব হুচিয়াৰ, আমি 'কা' নামানো, শীঘ্ৰে 'কা' বাতিল কৰক ইত্যাদি শ্লোগানেৰে সমদল কৰি পৰিৱেশ উত্তাল কৰি তোলে। ওদালগুৰি আছুৰ শ্বহীদ ভৱনৰ পৰা উলিওৱা এই সমদলটিয়ে ওদালগুৰি চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি চহৰখনৰ মাজমজিয়াত অৱস্থিত শ্বহীদ বেদী প্ৰাঙ্গণত সামৰণি পৰে।

প্ৰতিবাদত অংশগ্ৰহণ কৰি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাসে কয় যে, খিলঞ্জীয়া জাতিধ্বংসী 'কা' আমি কেতিয়াও মানি ল'ব নোৱাৰো। ই আমাৰ জাতীয় আৱেগ অনুভূতিৰ লগতে কৃষ্টি-সংস্কৃতি ধ্বংস কৰি পেলাব। আনহাতে ওদালগুৰি জিলা আছুৰ সভাপতি-ভাৰপ্ৰাপ্ত সম্পাদক ক্ৰমে প্ৰাঞ্জল পাটোৱাৰী আৰু বিপুল ৰঞ্জন লহকৰে কয় যে, এনে ধৰণৰ আইনে আমাৰ নতুন প্ৰজন্মৰ লগতে ভৱিষ্যৎ প্ৰজন্মক ক্ষতিগ্ৰস্থ কৰি নিঃশেষ কৰি পেলাব। খিলঞ্জীয়া বিৰোধী এই আইনখন বাতিলৰ জৰিয়তে এসময়ৰ জাতীয় নায়কৰ উপাধি লাভ কৰা সৰ্বানন্দ সোণোৱালে 'কা'খন বাতিল কৰি তেওঁ এসময়ত লাভ কৰা সেই উপাধিৰ মৰ্যাদা অক্ষুন্ন ৰাখক। অন্যথা ইতিহাস তথা আগন্তুক প্ৰজন্ম‌ই ক্ষমা নকৰে বুলি সকীয়াই দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in