ওদালগুৰিত আপকুৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনৰ সামৰণি…

ওদালগুৰিত আপকুৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনৰ সামৰণি…

ডিজিটেল সংবাদ, ওদালগুৰিঃ অসম প্ৰেছ ক'ৰেছপনণ্ডেটচ্ ইউনিয়ন চমুকৈ আপকুৰ ২৬ সংখ্যক কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনখনিৰ আজি সামৰণি পৰে। শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰিৰ বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা অধিৱেশনখনিৰ শনিবাৰে পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনৰ পাছতে আছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিকসকলক লৈ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ভৈৰৱকুণ্ড বনভোজস্থলী পৰিভ্ৰমণ।

নিশা ৮ বজাত অনুষ্ঠিত প্ৰতিনিধি সভা উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকসকলৰ সুবিধা-অসুবিধাসমূহ সঠিকভাৱে উপস্থাপন কৰিলে চৰকাৰৰ এই সন্দৰ্ভত ব্যৱস্থা তথা সমস্যা সমাধানৰ বাবে আগবাঢ়িবলৈ সুবিধাজনক হব বুলি উল্লেখ কৰে। এই প্ৰতিনিধি সভাত কেইবাটাও বিষয়ৰ লগতে বিশেষকৈ সংগঠনটোৰ সংবিধান সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়।

অধিৱেশনখনিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি দেওঁবাৰে পুৱা ১১ বজাত অনুষ্ঠিত হোৱা সাংবাদিক কৰ্মশালাখনি মুকলি কৰে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি গৌতম জ্যোতি তালুকদাৰে। ওদালগুৰি অঞ্চলৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়া। উপস্থিত শিক্ষাৰ্থীসকলে সাংবাদিকতা সম্পৰ্কে জানিব বিচৰা বিভিন্ন বিষয় সম্পৰ্কে সুন্দৰভাৱে বুজাই দিয়ে কৰ্মশালাখনত উপস্থিত থকা প্ৰশিক্ষকগৰাকীয়ে।

কৰ্মশালাৰ অন্তত দিনৰ প্ৰায় ২ বজাত অনুষ্ঠিত হয় অধিৱেশনখনিৰ মুকলি সভা। বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে উদ্বোধন কৰা এই মুকলি সভাত সভাপতিত্ব কৰে আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিঙে। মুকলি সভাত আদৰণি সমিতিৰ সভাপতি মন্ত্ৰী ৰিহন দৈমাৰীৰ লিখিত আদৰণি ভাষণ পাঠ কৰে কাৰ্যকৰী সভাপতি গৌতম জ্যোতি তালুকদাৰে। মুকলি সভাখনিত মূখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ মূখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে তেওঁৰ ভাষণ প্ৰসঙ্গত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে। তেওঁ কয় যে সাংবাদিকসকলে কোনো বিষয়ত সমালোচনা কৰিবলৈ গ'লে সেই সমালোচনাৰ ভাষা মাৰ্জিত হব লাগে।

প্ৰতিগৰাকী ব্যক্তিৰ ভিতৰতে দৈব শক্তি, বুদ্ধি, চেতনা আৰু বিৱেক আছে। প্ৰতিগৰাকী লোকৰে দ্বায়িত্ব হৈছে সমাজ সংস্কাৰ কৰা। বৰ্তমান সমাজৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়েই ইতিবাচক আৰু সাহসী চিন্তাৰে সমাজখনত আগুৱাই নিয়াত আগভাগ লোৱা উচিত। "না মুহ চুপাকে জীঅ' না চৰ ঝুকাকে জীঅ'" সংলাপেৰে সাংবাদিকসকলৰ বাবে ৰাজ্য চৰকাৰখনে বিভিন্ন আচনি হাতত লোৱাৰ কথা গোস্বামীয়ে ভাষণত উল্লেখ কৰে। লগতে তেওঁ কয় যে অসমত বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহৰে সুকীয়া প্ৰতিভা আৰু সামৰ্থ আছে। যিদৰে প্ৰতিখন সমাজত ভাল আৰু বেয়া মানুহ আছে ঠিক তেনেদৰে সাংবাদিকসকলৰ মাজতো ভাল-বেয়া আছে।

কাৰোৱাক সমালোচনা কৰিবলৈ যাওঁতে তেওঁক সমালোচনা কৰা বিষয়টো সত্য হয় নে নহয় সেয়াহে প্ৰথমে পৰিমাপ কৰা উচিত। সত্য অভিযোগ আৰু সমালোচনা কৰি বাতৰি প্ৰকাশ কৰিলে ইয়াৰ প্ৰভাৱ পৰাটো নিশ্চিত। আনহাতে সভাত উপস্থিত অভিভাৱকসকলক উদ্দেশ্যি গোস্বামীয়ে কয় যে আজিৰ শিশু তথা নতুন প্ৰজন্মক এক সৎ আৰু সুস্থ সমাজৰ শিক্ষা প্ৰদান কৰিব লাগে। মুকলি সভাৰ মাজতে মূখ্য অতিথি গোস্বামীয়ে শ্বহীদ সাংবাদিক প্ৰহ্লাদ গুৱালা সাহসী সাংবাদিকতা বটা প্ৰদান কৰে নুমলীগড়ৰ সাংবাদিক প্ৰিয়মদ্বীপ কাকতিক।

ইফালে সভাৰ নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক অচ্যুৎ পাটোৱাৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে একাংশ সাংবাদিকৰ মনোভাৱক সমালোচনা কৰে। নিজৰ পৰিচয় প্ৰচাৰ তথা চেনেলৰ টিআৰপিৰ স্বাৰ্থত বহুতো সাংবাদিকে বাতৰি এটিক অতিৰঞ্জিত কৰি বাতৰিটোৰ মুল বিষয়টোকে হেৰুৱাই পেলাই বুলি উল্লেখ কৰি তেওঁ কয় যে কৰ্ম সন্তুষ্টিয়েই হৈছে সাংবাদিকৰ বাবে ডাঙৰ পুৰষ্কাৰ। সাংবাদিকৰ মাজতো ভাল আৰু বেয়া দুই প্ৰকাৰৰ আছে।

একাংশ তথাকথিত হালধীয়া সাংবাদিকৰ বাবে আজিৰ সংবাদজগত বিভিন্ন ক্ষেত্ৰত সমালোচিত হোৱা বুলিও তেওঁ আত্মসমালোচনা কৰে। মুকলি সভাৰ মাজতে অধিৱেশনখনিৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে ওদালগুৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে। মুকলি সভাখনিৰ মাজতে কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।

দেওবাৰৰ এই মুকলি সভাত উপস্থিত থাকে বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়া, ওদালগুৰি আৰক্ষী অধীক্ষক লংণিত টেৰাং, জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰিজেন্দ্ৰ নাথ ব্ৰহ্ম চৌধুৰীৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়বৱীয়াসকল। অধিৱেশনখনি সফল সমাপ্তি ঘটোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আদৰণি সমিতিৰ সাধাৰণ সম্পাদকক প্ৰমূখ্য কৰি সমূহ বিষয়বৱীয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in