বিমুদ্ৰাকৰণৰ দুবছৰ! ভুল নে শুদ্ধ আছিল মোদী চৰকাৰৰ এই সিদ্ধান্ত?

বিমুদ্ৰাকৰণৰ দুবছৰ! ভুল নে শুদ্ধ আছিল মোদী চৰকাৰৰ এই সিদ্ধান্ত?

ডিজিটেল ডেস্কঃ আজি দুবছৰ সম্পূৰ্ণ হ'ল বিমুদ্ৰাকৰণৰ৷ বিদেশত জমা হৈ থকা ক'লা ধন দেশলৈ ঘুৰাই আনিবলৈ ২০১৬ চনৰ ৮ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ইয়াৰ পিছতে দেশত বন্ধ হৈ পৰিছিল ৫০০ আৰু ১০০০ টকীয়া পুৰণি নোট৷ সেই সময়ত বিমুদ্ৰাকৰণৰ প্ৰভাৱ পৰিছিল দেশজুৰি৷ দেশত অভাৱ হৈছিল ধনৰ৷

এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দিনে-ৰাতিয়ে নতুন ৫০০ টকা আৰু ২০০০ টকীয়া নোট চপাইছিল মোদী চৰকাৰে৷ দেশবাসীক কেইদিনমান ধৈৰ্য্য ধৰিবলৈ আহ্বান জনাইছিল মোদীয়ে৷ বিমুদ্ৰাকৰণৰ ফলত দেশৰ অৰ্থনীতি সলনি হোৱাৰ লগতে দুৰ্নীতি হ্ৰাস পাব বুলি মন্তব্য কৰিছিল মোদী চৰকাৰে৷ দুবছৰ অতিক্ৰম কৰাৰ পিছতো বিমুদ্ৰাকৰণৰ কোনো ফল নাহিল৷ এই সমগ্ৰ প্ৰক্ৰিয়াটো বিফল হোৱা বুলি বিমুদ্ৰাকৰণৰ দুবছৰ উপলক্ষে মন্তব্য কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে৷

ইফালে বিমুদ্ৰাকৰণৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বৃহস্পতিবাৰে ভাৰতৰ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰে যি কাৰণে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, সেয়া কিছু হ'লেও সফল হৈছে৷ বহু ক'লা ধন এতিয়া পোহৰলৈ আহিছে৷ এনে এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ বহু জটিলতাৰ সন্মুখীন হ'বলগীয়া হৈছিল যদিও এতিয়া সেয়া যোগাত্মক চিন্তা হিচাপে পৰিগণিত হোৱা পৰিলক্ষিত হৈছে৷ আগন্তক সময়ত বিদেশৰ ক'লা ধন দেশলৈ উভতি আহিব বুলিও আশা প্ৰকাশ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে৷

ইফালে, বিমুদ্ৰাকৰণৰ দ্বিতীয় বৰ্ষপুতিত বিমুদ্ৰাকৰণৰ প্ৰভাৱৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা অৰ্থনীতিবিদ মনমোহন সিঙে কয় যে বিমুদ্ৰাকৰণে দেশৰ নিম্ন মধ্যবিত্ত পৰিয়ালক হাৰাশাস্তি কৰিছে৷ বিমুদ্ৰাকৰণৰ জৰিয়তে বিদেশত জমা হৈ থকা ক'লা ধন দেশলৈ ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া বাস্তৱিকতে সাধাৰণ শ্ৰেণীক প্ৰৰোচিত কৰি নৰেন্দ্ৰ মোদী চৰকাৰে পুঁজিপতিৰ সপক্ষেহে বিমুদ্ৰাকৰণৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰা বুলিও অভিযোগ উত্থাপন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in