শেহতীয়া খবৰ
ধুবুৰীৰ কোৰোনাত আক্ৰান্ত লোকজনৰ পৰিচয়, কৰ পৰা কেতিয়া ক'লৈ গৈছিল...  •  দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত বক্সাৰ লাভলিনা বৰগোঁহাইৰ...  •  পুৰণিগুদামত দৰিদ্ৰজনৰ কাষত আৰক্ষী বিষয়া,সামাজিক সংগঠন...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

কলকাতা বিমানবন্দৰত চিভিডিৰ পৰীক্ষাঃ হিমাদ্ৰী বৰ্মন আৰু আন এজনৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি

11,912

ডিজিটেল ডেস্কঃ কলকাতাৰ এনএছচিবিআই বিমান বন্দৰত দুজন যাত্ৰীৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছে। বেংককৰ পৰা বিমানেৰে আহি কলকাতাত নমাৰ পিছতে যাত্ৰীদুগৰাকীৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা জানিব পৰা গৈছে। এই দুগৰাকী লোকৰ সৈতে কলকাতাত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পাইছে।

বৃহস্পতিবাৰে কোৰোনা ভাইৰাছৰ উপস্থিতি পোহৰলৈ অহা বিমান যাত্ৰী দুগৰাকীৰ নাম হিমাদ্ৰী বৰ্মন আৰু নগেন্দ্ৰ সিং। বেলিয়াঘাটা আইডি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে দুয়োকে। ইয়াৰ পূৰ্বে অনিতা অৰানন নামৰ এগৰাকী মহিলাৰ দেহত ধৰা পৰিছিল কোৰোনা ভাইৰাছৰ উপস্থিতি।

উল্লেখ্য যে, ইতিমধ্যে কলকাতা আৰু চীনৰ মাজত চলাচল কৰা দুখন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। ৬ ফেব্ৰুৱাৰীৰ পৰা ইণ্ডিগ’ই কলকাতা আৰু গুৱাংঝোৰ মাজত চলা বিমানসমূহ বাতিল কৰিছে। জানুৱাৰী ২৭ তাৰিখৰ পৰা কলকাতালৈ অহা চীনৰ বিমানসমূহৰ যাত্ৰীৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি সন্দৰ্ভত পৰীক্ষা কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি