ঘিলামৰাত ধৃত দুই ড্ৰাগছ বেপাৰী জেললৈ নিক্ষেপ…

ঘিলামৰাত ধৃত দুই ড্ৰাগছ বেপাৰী জেললৈ নিক্ষেপ…

ডিজিটেল সংবাদ , ঢকুৱাখনা : সহজলভ্য ধন ঘটাৰ কু প্ৰবৃত্তিৰে এখন সমাজ আৰু ভৱিষ্যত প্ৰজন্মক পনবন্দী কৰি তোলা ঢকুৱাখনা নগৰৰ দুই কাণ্ডজ্ঞানহীন ড্ৰাগছ বেপাৰীক দেওবাৰে জেললৈ নিক্ষেপ কৰা হৈছে। সুদীর্ঘ দিন ধৰি মহকুমাটোৰ নৱ প্ৰজন্মৰ মাজত সংগোপনে মাৰাত্মক নিষিদ্ধ ড্ৰাগছ যোগান ধৰি আসক্ত সকলক মানসিক ভাৱে পংগু কৰি তোলা ঢকুৱাখনা নগৰৰ বালি গাঁওৰ মৃদুল কুমাৰ বৰাৰ পুত্ৰ  হৃদয় কুমাৰ বৰা ওৰফে জ'জ  (২৭) আৰু ঢকুৱাখনা হুজ গাঁওৰ হীৰা দাসৰ পুত্ৰ ৰাজু দাস (৩১)ক শনিবাৰে বিয়লি ঘিলামৰা আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ হেৰইন সহ গ্ৰেপ্তাৰ কৰিছিল ।

৪ টা কন্তেইনাৰ পৰা প্ৰায় ৫  গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা ঘিলামৰা থানাৰ অচি চন্দন দাস আৰু উপ পৰিদর্শক হেমন্ত কুমাৰ কোঁৱৰৰ এনে তৎপৰতাৰ বাবেই ঢকুৱাখনাত সুদীর্ঘ দিন ধৰি চলাই অহা মাৰাত্মক বেহা খনৰ দুই নায়ক অৱশেষত চিনাক্ত হল আৰু নিষিদ্ধ বেহাখনত ক্ষণিকৰ বাবে হলেও লেকাম লাগিল । অভিযানৰ নেতৃত্ব দিয়া ঘিলামৰা থানাৰ অচি দাসে থানাত ৰুজু কৰা এন ডি পি এছ আইন ১৯৮৫ ৰ ধাৰা ২১(এ)/ ২৭(এ) ত পঞ্জীভূত গোচৰ (নং-  ৪৫ /২০২২)ৰ ভিত্তিত দুয়োটা ড্ৰাগছ বেপাৰীক লখিমপুৰ জিলা কাৰাগাৰলৈ দেওবাৰে নিক্ষেপ কৰিছে ।

মহকুমাটোৰ সৰ্বত্ৰতে সহজলভ্য কৰি নিষিদ্ধ  ড্ৰাগছৰ মুকলি বেহা পতা অবৈধ কাণ্ডৰ দুই নায়কে ব্যৱহাৰ কৰা বগা বৰণৰ এ এছ ০৭/জি/৫২১১ নম্বৰৰ মাৰুটি এলট'৮০০ বাহনখন আৰক্ষীয়ে জব্দ কৰি থানাত ৰাখিছে। উল্লেখ্য যে গাড়ীখনত উদ্ধাৰ হৈছিল এটা খালী কন্তেইনাৰ । আশংকা কৰা মতে গোগামুখৰ সমীপত কোনো আসক্ত ব্যক্তিক ধৃত দুই বেপাৰীয়ে উক্ত কন্তেইনাৰৰ পৰা ড্ৰাগছখিনি বিক্ৰী কৰি আহিছিল ।

ফলত উক্ত কন্তেইনাৰটো খালী হৈছিল । এই সন্দৰ্ভত ঘিলামৰা আৰক্ষীৰ তদন্ত সঠিক দিশত আগবাঢ়িছে বুলি জনা গৈছে । ঢকুৱাখনাত নিষিদ্ধ বৰবিহ স্বৰূপ ড্ৰাগছৰ বেপাৰ চলাই নৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ কৰি তোলা এনেবোৰ সমাজ বিৰোধী অপশক্তিক আইনগত ভাবে দৃষ্টান্ত মূলক শাস্তি বিহাৰ দাবী জনাইছে মহকুমাবাসীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in