কাছাৰত নাইম এমএম পিষ্টল-সজীৱ গুলী আৰু নগদ ধনসহ গ্ৰেপ্তাৰ ২ জেডইউএফ উগ্ৰপন্থী

কাছাৰত নাইম এমএম পিষ্টল-সজীৱ গুলী আৰু নগদ ধনসহ গ্ৰেপ্তাৰ ২ জেডইউএফ উগ্ৰপন্থী

ডিজিটেল সংবাদ, শিলচৰঃ এজন জনজাতীয় গাঁওবুঢ়াৰ অপহৰণৰ আঁত ধৰি কাছাৰ আৰক্ষীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়৷ কাছাৰ জিলাৰ মণিপুৰ সীমান্তত ঘাটি গঢ়া নগালেণ্ডৰ উগ্ৰপন্থী সংগঠন জেলিয়াং ৰং ইউনাইটেড ফ্ৰন্ট, চমুকৈ জেডইউএফৰ দুই দুৰ্ধৰ্ষ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কাছাৰ আৰক্ষী৷ ধৃত উগ্ৰপন্থীদ্বয়ৰ পৰা এটা নাইন এম এম পিষ্টল আৰু ৫ জাঁই সজীৱ গুলি জব্দ কৰাৰ লগতে নগদ তিনিলাখ টকাও জব্দ কৰে আৰক্ষীয়ে৷

ধৃত উগ্ৰপন্থীদ্বয় নাগালেণ্ডৰ পাওথুইলাং গানমে আৰু মণিপুৰৰ ৰিকী প'জন বুলি জানিব পৰা গৈছে৷ কাছাৰৰ জিৰিঘাট থানাধীন মওলং গাঁৱৰ পৰা তিনিদিন পূৰ্বে অপহৃত হোৱা এজন গাঁওবুঢ়াৰ অপহৰণ কাণ্ডৰে জড়িত পাওথুইলাং গানমেক জিৰিঘাটৰ নামডাইলং গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিচতে পোহৰলৈ আহে মণিপুৰত সংঘটিত আন এক অপহৰণৰ ঘটনা৷

ধৃত উগ্ৰপন্থীজনে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰা মতে, জেডইফএফ উগ্ৰপন্থীয়ে কিছুদিন পূৰ্বে মণিপুৰ ননৈৰ পৰা অভিজিত ধৰ নামৰ ৰে'লৱে পথ নিৰ্মাণত নিয়োজিত চিমপ্লেক্স কোম্পানীৰ এজন বিষয়াক অপহৰণ কৰিছিল৷ এই বিষয়াজনৰ মুক্তিপণ হিচাপে কলকতাত আদায় দিয়া হৈছিল প্ৰায় ৩০ লাখ টকা৷ মুক্তিপণৰ তিনি লাখ টকা কলকতাৰ পৰা শিলচৰলৈ লৈ অহাৰ কথা ৰিকী প'জ নামৰ উগ্ৰপন্থী জনে৷

ইফালে, উগ্ৰপন্থীৰ জনৰ এই স্বীকাৰোক্তিৰ পিচতে কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই কুম্ভীৰগ্ৰাম বিমান কোঠত খাপ পিটি ৰৈ থাকে৷ বুধবাৰে আবেলি কলকতাৰ পৰা কুম্ভীৰগ্ৰাম বিমান কোঠত অৱতৰণ কৰাৰ লগে লগে আৰক্ষীয়ে আটক কৰে ৰিকী প'জক৷ উগ্ৰপন্থীজনৰ পৰা আৰক্ষীয়ে নগদ তিনি লাখ টকা জব্দ কৰে৷ আৰক্ষীৰ জেৰাত ৰিকী প'জে ৰেল নিৰ্মাণ সংস্থাৰ বিষয়া অভিজিত ধৰক অপহৰণ কৰা আৰু কলকতাত মুক্তিপণ আদায় বিষয়টো অকপটে স্বীকাৰ কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসে৷

মুক্তিপণৰ বাকী থকা ধনখিনি ৰিকীৰ পত্নী আৰু এগৰাকী খুলশালীয়েকে লৈ অহা বুলিও আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে উগ্ৰপন্থীজনে৷ বৰ্তমান ধৃত উগ্ৰপন্থী দ্বয়ক শিলচৰ থানাত জেৰা অব্যাহত ৰখা হৈছে যদিও মুক্তিপণৰ প্ৰায় ২৫ লাখ টকা লগত থকা মহিলা দুজনীৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in