বুঢ়াচাপৰিত পহু মাংসসহ দুজনক আটক

বুঢ়াচাপৰিত পহু মাংসসহ দুজনক আটক

ডিজিটেল সংবাদ, চামগুৰিঃ চামগুৰিৰ লাওখোৱাৰ ভূৰবন্ধা, ভগামুখ আৰু বুঢ়াচাপৰিত বান পৰিস্থিতি অব্যাহত থকাৰ সময়তে বন বিভাগৰ জালত পৰিছে পহু মাংসসহ দুটা চোৰাং চিকাৰী। বুঢ়াচাপৰি বন বিভাগে গোপন সুত্ৰৰ পম খেদি এক অভিযান চলাই মাংসসহ চোৰাং চিকাৰী দুটাক আটক কৰিবলৈ সক্ষম হয়।

আটক হোৱা চোৰাং চিকাৰী দুটা ক্ৰমে ৰূপহীহাটৰ গড়াজানৰ ছাইদুল ইছলাম আৰু লাওখোৱাৰ ৭নম্বৰ ভগামুখৰ ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যখনত হোৱা প্ৰৱল বানৰ বাবে সমীপৱৰ্ত্তী জনাঞ্চলত প্ৰবেশ কৰিছিল বহু বন্যপ্ৰাণীয়ে আৰু ইয়াৰে সুযোগ লৈ একাংশ লোকে বন্য জীৱ-জন্তুৰ ওপৰত চলাই গৈছে অত্যাচাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in