গুৰুজনাক অপমান কৰা দুই যুৱকক আটক আৰক্ষীৰ…

গুৰুজনাক অপমান কৰা দুই যুৱকক আটক আৰক্ষীৰ…

ডিজিটেল সংবাদ,ডবকা : শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক অশ্লীল মন্তব্যৰে অপমান কৰা কাৰ্যত জড়িত দুজন যুৱকক আটক ৷

ডবকাৰ হালধীআটীত বৃহস্পতিবাৰে নিশা ডবকা আৰক্ষীয়ে অভিযান চলায় ৰুবুল হুছেইন নামৰ যুকজনক গ্ৰেপ্তাৰ কৰে ৷ পাছত হোজাই জিলা আমছুৰ কৰ্মকৰ্তা সকলে স্থানীয় ৰাইজৰ সহযোগত আনজন যুৱক আৰিফ উদ্দিনক আটক কৰি ডবকা আৰক্ষীক চমজাই দিয়ে ৷

গুৰুজনাক অশ্লীল মন্তব্যৰে অপমান কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিছে হোজাই জিলা আমছুৱে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত হোজাই জিলা আমছুৰ হৈ সভাপতি কবিৰ আহমেদে অভিযুক্ত যুৱকদ্বয় ক্ৰমে ৰুবুল হোছেইন আৰু আৰিফ উদ্দিনৰ বিৰুদ্ধে ডবকা আৰক্ষী থানাত গোচৰ তৰে ৷ দুয়োৰে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে হোজাই জিলা আমছুৱে ৷ সম্প্ৰতি দুয়োকে ডবকা আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷

ইফালে আৰিফ উদ্দিন নামৰ যুৱকজনে জানিবলৈ দিয়া মতে পাৰপত্ৰৰ কামৰ বাবে দুয়ো গুৱাহাটীলৈ গৈছিল ৷ পাছত তেওঁলোক দুয়োৱে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সোমাই ৷ তাৰপাছতেই গুৰুজনাৰ প্ৰতিমূৰ্তিৰ সন্মুখত ৰৈ কিছু অশ্লীল ও অসাংবিধানিক মন্তব্য দিয়ে ৰুবুল ইছলাম নামৰ যুৱকজনে ৷ অজানিতে সেই কথাখিনি ৰেকৰ্ড হৈ যায় আৰিফ উদ্দিন নামৰ যুৱকজনৰ মোবাইলত ৷

তেওঁৰেই সহযোগী আৰিফ আহমেদে সেই সময়ত সমগ্ৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰি ৰাখিছিল ৷ বৃহস্পতিবাৰে সেইটো ভূলক্ৰমে আৰিফৰ মোবাইলৰ পৰা সামাজিক মাধ্যমত আপলোড হৈ যায় আৰু চাৰিওঁফালে বিয়পি পৰে ৷

কোনো বেয়া মনোভাব কিম্বা বেয়া উদ্দেশ্যৰে এই ভিডিঅটো প্ৰস্তুত কৰা নাছিল ৷ গুৰুজনাক অপমানসূচক মন্তব্য প্ৰদান কৰি দয়ো অনুসূচনাত ভূগিছে ৷ অসমবাসীৰ ওচৰতো ক্ষমা বিচাৰিছে অভিযুক্ত যুৱক আৰিফ উদ্দিনে ৷ ভবিষ্যতে আৰু কোনো দিনেই এনে ধৰনৰ কাৰ্যৰ লগত জড়িত নহয় বুলি প্ৰতিশ্ৰুতি দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in