মোবাইল টাৱাৰৰ নামত লাখ লাখ টকা লুণ্ঠন কলকাতাৰ ভুৱা প্ৰতিষ্ঠানৰ

মোবাইল টাৱাৰৰ নামত লাখ লাখ টকা লুণ্ঠন কলকাতাৰ ভুৱা প্ৰতিষ্ঠানৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ভুৱা ফোনকলৰ দ্বাৰা গ্ৰাহকক লুণ্ঠন চলাই লাখ লাখ টকা উলিয়াই নিয়া বাতৰি বিভিন্ন সময়ত প্ৰচাৰ হৈ আহিছে। এইবাৰ মোৱাইল টাৱাৰ সংস্থাপনৰ নামত ওদালগুৰিত গ্ৰাহকৰ পৰা কেইবা লক্ষাধিক টকা লুটিলে এক ব্যক্তিগত প্ৰতিষ্ঠানে।

জিলাখনৰ ভেৰগাওঁ, ডিমাকুচিকে ধৰি বিভিন্ন প্ৰান্তৰ সাধাৰণ লোকৰ পৰা লাখ লাখ টকা লুটিলে ডিল মাণি ছিকিউৰিটী প্ৰাইভেট লিমিটেড নামৰ এটা সংস্থাই। উক্ত প্ৰতিষ্ঠানৰ হৈ ভেৰগাওঁৰ এজন লোকৰ পৰা ধন নিবলৈ অহি কালি হাতে লোটে ওদালগুৰি আৰক্ষীৰ জালত পৰিল দুজন লোক ক্ৰমে দৰঙৰ লখিমপুৰ গাওঁৰ ভূপেন ডেকা আৰু দৰঙৰ ৰাজঘাটৰ দণ্ড কুমাৰ ডেকা।

ভূক্তভোগীসকলে জানিবলৈ দিয়া মতে কিছুদিন পূৰ্বে ১ নং ভেৰগাঁৱৰ মিণ্টু দৈমাৰীলৈ এক অচিনাক্ত নম্বৰৰ পৰা ফোনকল আহি এয়াৰটেল মোবাইল টাৱাৰ সংস্থাপনৰ নামত ভূমিৰ সন্ধান কৰিছিল। লোকজনে টাৱাৰ সংস্থাপনৰ বাবে উপযুক্ত মাটি থকাৰ কথা উক্ত অচিনাকি ফোনকলৰ গৰাকীক অৱগত কৰিছিল।

ইয়াৰ কিছুদিন পাছত উক্ত মাটিৰ বীমা কৰাৰ নামত ১৭,৭০০টকা ধন বিচাৰি ভূক্তভোগী লোকজনলৈ পুনৰ ফোন অহাত লোকজনে লেনদেনৰ স্থান সোধাত অচিনাকি ফোনৰ গৰাকীয়ে ওদালগুৰি চহৰলৈ আহিবলৈ কয়। সেইমৰ্মে কালি ওদালগুৰিত ধনৰ লেনদেন কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে দুজন যুৱক।

ইপিনে জিলাখনৰ ডিমাকুচি অঞ্চলৰ কেইবাজনো লোকৰ পৰা ভুৱা ফোনকলৰ চক্ৰটোৱে বিভিন্ন অজুহাতেৰে লাখ লাখ টকা লুটি নিয়া বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত অভিযুক্ত যুৱক দুজনক সোধাত তেওঁলোকে কয় যে কলকাতাৰ ডিল মাণি ছিকিউৰিটী প্ৰাইভেট লিমিটেডৰ হৈ কৰ্মৰত বৰুণ নামৰ লোক এজনৰ সৈতে যুৱক দুজন ফোনযোগে চিনাকি হৈ উক্ত প্ৰতিষ্ঠানটোৰ সৈতে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

অৰ্থাৎ বৰুণৰ নেতৃত্বত ধৃত লোক দুজনক মাহে সাত হেজাৰ টকাৰ বিনিময়ত তিনিমাহ পূৰ্ৱে দৰং আৰু ওদালগুৰি জিলাৰ দ্বায়িত্ব দিয়া বুলি যুৱক দুজনে সদৰী কৰে। লগতে তেওঁলোকে কয় যে বৰুণে গ্ৰাহকসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰে আৰু ধনৰ আদান প্ৰদান কাৰ্যত ভূপেন ডেকা আৰু দণ্ড কুমাৰ ডেকাক ব্যৱহাৰ কৰে।

ধৃত যুৱক দুজনে লগতে কয় যে তেওঁলোকক হেনো বৰুণ নামৰ অচিনাক্ত লোকজনে প্ৰথমে স্বাস্থ্য বীমাৰ কামত নিয়োগ কৰা বুলিহে অৱগত কৰিছিল। লগতে সংগ্ৰহ হোৱা ধনসমূহ এটা বিশেষ বেংক একাউণ্টলৈ পঠিওৱাৰ দ্বায়িত্ব দিছিল। সেই অনুসৰি যুৱক দুজনে আজি পৰ্যন্ত চাৰি লক্ষাধিক টকা উক্ত বেংক একাউণ্টলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে।

ধৃত যুৱক দুজনৰ পৰা আৰক্ষীয়ে এখন ১৭,৭০০ টকাৰ চেক, বেংকৰ টকা জমা কৰা ফৰ্ম, মোৱাইল ফোন জব্দ কৰাৰ লগতে জেৰা অব্যাহত ৰাখিছে। ইফালে সমগ্ৰ ঘটনাটো ওদালগুৰি আৰক্ষীৰ উচ্চপদস্থ বিষয়াই পৰ্যবেক্ষণ কৰি আছে। বৰুণ নামৰ লোকজন আৰক্ষীৰ জালত পৰিলে সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in