জাত-পাতৰ ৰাজনীতি নহয়,এক সুস্থ সমাজ গঢ়াৰ চেষ্টাহে আদৰ্শনীয় : মাজুলীৰ সত্ৰাধিকাৰ

জাত-পাতৰ ৰাজনীতি নহয়,এক সুস্থ সমাজ গঢ়াৰ চেষ্টাহে আদৰ্শনীয় : মাজুলীৰ সত্ৰাধিকাৰ

ডিজিটেল সংবাদ,বোকাখাত : যি সময়ত জাত-পাতৰ ৰাজনীতিৰে অসমভূমিৰ সম্প্ৰীতি বিনষ্ট কৰাত শাসকীয় দলৰ একাংশ সদস্য উঠিপৰি লাগিছে, ঠিক তেনে সময়তে স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীৰ পৰা এখন সুস্থ সমাজ গঢ়াবলৈ আহ্বান জনাইছে সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে৷

বৃহস্পতিবাৰে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে মাজুলীত উপস্থিত হোৱা কাজিৰঙাৰ কুৰিজনীয়া সাংবাদিকৰ দলেৰে দক্ষিণপাট সত্ৰত অনুষ্ঠিত হোৱা এক আলোচনাত সত্ৰাধিকাৰ দেৱগোস্বামীয়ে কয় যে সত্ৰনগৰী মাজুলীৰ গৰিমামণ্ডিত ১৬০০ শতিকাতে প্ৰতিষ্ঠিত দক্ষিণপাট সত্ৰ গৌৰৱ আজিকোপতি অটুট আছে৷ কিন্তু, আধুনিকতাৰ ধামখুমীয়াই সত্ৰ সংস্কৃতিলৈ সম্প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি উল্লেখ কৰিছে সত্ৰাধিকাৰ গৰাকীয়ে৷

আনকি, সাম্প্ৰতিক ৰাজনৈতিক জটিলতাৰ গ্ৰাসত পৰা সত্ৰনগৰীৰ বিভিন্ন ঐতিহ্যক সংৰক্ষণৰ সমান্তৰালভাৱে একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি হিচাপে চিহ্নিত ধৰ্ম আৰু আধ্যাত্মিক জ্ঞানৰ মাজেৰে এখন সুস্থ সমাজ গঢ়াৰ বাবে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণৰ আহ্বান জনায় সত্ৰাধিকাৰগৰাকীয়ে৷ তেখেতে লগতে কয় যে বিশ্বায়নৰ বাবেই সমাজত বৃদ্ধি পাই অহা যুৱ উশৃঙ্খলতা নাইকিয়া কৰিবলৈ সুস্থ আধ্যাত্মিক চিন্তা চৰ্চাৰ অতীব প্ৰয়োজন৷

উল্লেখ্য যে কাজিৰঙৰ আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথ আৰু সম্পাদক ৰঞ্জিত ৰজকৰ নেতৃত্বত দুদিনীয়া কাৰ্যসূচীৰে আজি কাজিৰঙাৰ কুৰিগৰাকী সাংবাদিক উপস্থিত হয় সত্ৰনগৰী মাজুলীত৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্যৰ লগতে জ্যেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মা, দুগৰাকী মহিলা সাংবাদিক পলিমা চেতিয়া বসুমতাৰী আৰু অজন্তা তালুকদাৰৰ উপস্থিত হোৱা দলটোৱে ইতিহাস প্ৰসিদ্ধ সত্ৰ সমূহৰ সাম্প্ৰতিক দুৰবস্থা আৰু এইবোৰৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে মাজুলীৰ সত্ৰ সমূহৰ এক ক্ষেত্ৰ ভিত্তিত অধ্যয়ন কৰে। দলটোক বিশেষভাৱে সহযোগত কৰে মাজুলীৰ স্থানীয় সাংবাদিক ৰঞ্জন বৰাই।

কাজিৰঙাৰ সাংবাদিকৰ দলটোৱে ২৫০ বছৰ পুৰণি মাজুলীৰ প্ৰথমটো পকী ঘৰ বৰ্তমান দক্ষিণপাট সত্ৰত সংগ্ৰহালয় হিচাপে ব্যৱহাৰ কৰা দেখা পায়। ইফালে, চৰকাৰী উদাসীনতাৰ মহাপুৰুষ দুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰসমূহৰ যিধৰণে সংৰক্ষিত হ'ব লাগিছিল, সেই দেখা নাপায় সাংবাদিকৰ দলটোৱে আক্ষেপ ব্যক্ত কৰে৷ অৱশ্যে সত্ৰাধিকাৰ তথা স্থানীয় ৰাইজৰ সহযোগত সংগ্ৰহালয়ৰ ভিতৰত আহোম ৰজত্বৰ কালৰ অমূল্য সম্পদ সমূহৰ সংৰক্ষণ ব্যৱস্থা কৰাটোক আদৰণীয় পদক্ষেপ বুুলি অভিহিত কৰে।

আনহাতে, এই সংগ্ৰহালয়ৰ অন্তৰ্ভাগত ৩৬৭ বছৰে একেৰাহে জ্বলি থকা এগছি অক্ষয় বন্তি তথা ৬ টা হাতী দাঁতেৰে নিৰ্মিত পাঁচশ বছৰীয়া পবিত্ৰ আসনত প্ৰতিষ্ঠা কৰি থোৱা লক্ষ্মী নাৰায়ণৰ মূৰ্তিয়ে মাজুলীলৈ আগমণ ঘটা বিভিন্ন গৰাকী দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব বুলি আশা প্ৰকাশ কৰে সাংবাদিকৰ দলটোৱে৷ ইপিনে, মূল্যবান হাতী দাঁত, প্ৰায় পাঁচ শ বছৰ পুৰণি সোণ ৰূপেৰে নিৰ্মিত শৰাই সঁফুৰাৰ লগতে অসমীয়া শিপিনীৰ হাতত প্ৰাণ পাই উঠা বস্ত্ৰ, খৰম, দুষ্প্ৰাপ্য পুথি, আহোম ৰজাই ভোজনৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন বাচন বৰ্তন, ঢাল-তৰোৱালকে ধৰি বিগত শ শ বছৰ ধৰি এই সংগ্ৰহালয়ত বহু প্ৰাচীন দুষ্প্ৰাপ্য সামগ্ৰী এনেদৰে অসুৰক্ষিতভাৱে পৰি থকা কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সাংবাদিকৰ দলটোৱে প্ৰত্যক্ষ কৰে৷ আনহাতে, এই সমূহৰ উচিত সংৰক্ষণৰ বাবে অচিৰেই পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in