ট্ৰাম্প ভাৰতলৈ অহাৰ বাবেই দিল্লী, মু্ম্বাই আৰু গুজৰাটত বৃদ্ধি পালে কোৰোনাৰ সংক্ৰমণঃ ৰাজনৈতিক নেতাৰ অদ্ভুত যুক্তি…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শেহতীয়াকৈ ভাৰত ভ্ৰমণ কৰাৰ বাবেই প্ৰথমে গুজৰাট, তাৰ পাছত মুম্বাই আৰু দিল্লীত বৃদ্ধি পালে কোৰোনা ভাইৰাছৰ সন্ত্ৰাস। আৰু তাৰ পাছতে কেন্দ্ৰই ঘোষণা কৰা লকডাউনৰ বাবে দেশবাসী অসুবিধাৰ সন্মুখীন হৈছে। শুনিবলৈ আচহুৱা যেন লাগিলেও মাৰ্কিন ৰাষ্ট্ৰপতিৰ গালৈ এইবাৰ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে দুখ থেলি দিছে দেশৰ এগৰাকী ৰাজনৈতিক নেতাই। তেওঁ এটা লেখাত লিখিছে, কোনো পূৰ্ববৰ্তী সিদ্ধান্ত নোহোৱাকৈয়ে লকডাউন ঘোষণা কৰা হৈছিল আৰু এতিয়া ৰাজ্যসমূহৰ গালৈ ইয়াৰ দুখ থেলি দিয়া হৈছে।

শিৱ সেনাৰ সাংসদ সঞ্জয় ৰাওটে মহাৰাষ্ট্ৰ চৰকাৰক বিপদত পেলোৱাৰ বাবেও বিজেপিয়ে চেষ্টা চলোৱা বুলি অভিযোগ কৰিছে। অৱশ্যে তেওঁ নিজ দল তথা মহাৰাষ্ট্ৰ বিকাশ আঘাড়ী চৰকাৰক অভয়বাণীও দিবলৈ নাপাহৰিলে। নেতাগৰাকীয়ে নিজ চৰকাৰক সেনা, এনচিপি আৰু কংগ্ৰেছৰ শক্তিশালী বান্ধোনেৰে বান্ধ খাই আছে বুলি শিৱসেনাই প্ৰকাশ কৰা 'সামান্না' নামৰ মুখপত্ৰখনত সাপ্তাহিক বিশেষ লেখাটোত তেওঁ লিখিছে। উল্লেখ্য যে, যোৱা ২৪ ফেব্ৰুৱাৰী ডোনাল্ড ট্ৰাম্প ভাৰত ভ্ৰমণলৈ আহিছিল। তেতিয়া তেওঁ আহমেদাবাদত এক ৰোড শ্ব'ট অংশ লৈছিল। তাৰ পাছতে নেতাগৰাকীয়ে মোটেৰা ক্ৰিকেট ষ্টেডিয়ামত লক্ষাধিক লোকক সম্বোধন কৰিছিল। সঞ্জয় ৰাওটৰ মতে, ট্ৰাম্পে কিছু স্থানত ভ্ৰমণ কৰিছিল আৰু আন কিছু স্থানলৈ গৈছিল তেওঁৰ সৈতে অহা লোকসকল।

পৰৱৰ্তী সময়ত ২০ মাৰ্চত গুজৰাটত প্ৰথমগৰাকী কোৰোনা আক্ৰান্ত ৰোগী ধৰা পৰিছিল। বৰ্তমান গুজৰাটত আছে ১৬,৩৫৬ গৰাকী কোৰোনা ৰোগী। আনহাতে ৰাজ্যখনত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ১০০৭ গৰাকী লোকে। আনহাতে দিল্লীত ১৮,৫৪৯ আৰু মুম্বাইত ৩৮,৪৪২ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in