শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

‘ট্ৰুকলাৰ’ত নতুন সুবিধা! ডাটাযোগে কৰিব পাৰিব ভইচ কল…

326

ডিজিটেল ডেস্কঃ এন্ড্ৰইড কলিং এপ ‘ট্ৰুকলাৰ’ৰে যোৱা কেইমাহ মানতে বহু কেইটা নতুন নতুন সুবিধা ব্যৱহাৰকাৰীক উপলব্ধ কৰাই আহিছে। এপটোত এতিয়া আৰু এটা নতুন সুবিধা সংযোগ কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে। শীঘ্ৰেই ট্ৰুকলাত কেৱল ডাটা অৰ্থাৎ ইণ্টাৰনেট সহায়তে ফোন কৰিব পৰা যাব। আৰু এই নতুন ফিচ্চৰটোক ভইচ অভাৰ ইণ্টাৰনেট প্ৰ’টকল চমুকৈ ভিঅআইপি বুলি জনা যায়।

অৱশ্যে বৰ্তমানলৈ এই সুবিধা কেতিয়ালৈ এপটোত উপলব্ধ হব তাৰ সন্দৰ্ভত কোনো কথা জানিব পৰা পোৱা নাই। ইফালে, হোৱাটছএপ আৰু গুগল ডুঅৰ দৰেই ট্ৰুকলাৰতো একেধৰণে ফোন কৰিব পৰা যাব। যেতিয়া কোনো ব্যৱহাৰকাৰীৰ মোবাইলৰ বেলেন্স নাথাকিব সেই সময়ত এই সুবিধাই বহু সহায় কৰিব।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত জানিব পৰা মতে, ট্ৰুকলাৰৰ ভিঅআইপি কলিং সুবিধা একাংশ ট্ৰুকাৰ প্ৰিমিয়াম ব্যৱহাৰকাৰীয়েহে লাভ কৰিব। কিন্তু বৰ্তমানলৈ এই কথা স্পষ্ট হোৱা নাই যে, ট্ৰুকলাৰ প্ৰিমিয়াম গল্ড ছাবছক্ৰাইবাৰসকলে এই সুবিধা লাভ কৰিব নে নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি