শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

ত্ৰিপুৰাত নাবালিকাক বলাৎকাৰৰ চেষ্টা চলাই গণপ্ৰহাৰত মৃত্যু অ’এনজিচিৰ শ্ৰমিকৰ

909

ডিজিটেল সংবাদ, আগৰতলাঃ নাগালেণ্ড আৰু অৰুণাচলৰ দৰে অনুৰূপ ঘটনা এইবাৰ সংঘটিত হৈছে ত্ৰিপুৰাত। ৰাজ্যখনৰ দক্ষিণ প্ৰান্তৰ মহাৰাণী অঞ্চলত গণপ্ৰহাৰত মৃত্যুমুখত পৰে এজন লোক।

নাবালিকাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত স্থানীয় লোকসকলে মঙলবাৰে লোকজনক প্ৰথমে আৱদ্ধ কৰি ৰাখে। ইয়াৰ পিছতে ৪০ বৰ্ষীয় লোকজনৰ ওপৰত আৰম্ভ হয় চৰ, ভুকু, লাঠি, ঘোঁচা। অৱশেষত চিকিৎসালয়লৈ নিয়াৰ পথত প্ৰাণ বায়ু উৰে দালিল মিঞ্চা নামৰ লোকজনৰ।

প্ৰাপ্ত খবৰ অনুযায়ী, অএনজিচিৰ এগৰাকী অস্থায়ী কৰ্মচাৰী দালিলে অঞ্চলটোৰ এগৰাকী নাবালিকাক ঘৰৰ পৰা পানী আনিবলৈ যোৱাৰ পথত বলাৎকাৰৰ চেষ্টা চলায়। ঘটনাত আতংকিত হৈ নাবালিকাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় লোকসকলে ওলাই আহি লোকজনক কৰায়ত্ত কৰে। ইয়াৰ পিছতে গণপ্ৰহাৰ আৰম্ভ হয়।

ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হৈ গণপ্ৰহাৰত আহত দালিল মিঞাক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ঘটনা সন্দৰ্ভত ত্ৰিপুৰা আৰক্ষীয়ে এই পৰ্যন্ত কেবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে।

অৱশ্যে স্থানীয় লোকসকলে বলাৎকাৰীৰ শাস্তি এনেধৰণৰে হোৱা উচিত বুলি দাবী কৰি গ্ৰেপ্তাৰ কৰা যুৱককেইজনক এৰি দিবলৈ আৰক্ষীক হেঁচা প্ৰদান কৰাৰ বাতৰি পোৱা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি