জীয়াই থাকোতেই বাজপেয়ীক শেষ শ্ৰদ্ধা জনাই বিতৰ্কত ত্ৰিপুৰাৰ ৰাজ্যপাল

জীয়াই থাকোতেই বাজপেয়ীক শেষ শ্ৰদ্ধা জনাই বিতৰ্কত ত্ৰিপুৰাৰ ৰাজ্যপাল

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আশুআৰোগ্য কামনা কৰি যিসময়ত সমগ্ৰ দেশবাসীয়ে প্ৰাৰ্থনা অব্যাহত ৰাখিছে সেই সময়তে ত্ৰিপুৰাৰ ৰাজ্যাপালে টুইটযোগে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বৃহস্পতিবাৰে পুৱা ১১.২৩ বজাতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এইমছত দেহাৱসান ঘটা বুলি টুইট কৰে ৰাজ্যপাল তথাগত ৰয়ে।

অৱশ্যে এনে ভুলৰ বাবে ক্ষমা বিচাৰি টুইটটো ততালিকে ডিলিট কৰে ৰাজ্যপালগৰাকীয়ে। নিজৰ ভুলৰ বাবে তেওঁ সংবাদ মাধ্যমক জগৰীয়া কৰি দ্বিতীয়াটো টুইট কৰে। সেয়া হ'লেও ওম শান্তি বুলি লিখি বাজপেয়ী জীয়াই থকা অৱস্থাতে আত্মাৰ সদগতি কামনা কৰা কাৰ্যৰ তীব্ৰ সমালোচনা কৰিছে দেশৰ নেটিজেনসকলে।

ৰাজ্যপালৰ দৰে আসনত থকা ব্যক্তি এগৰাকীয়ে এনে কৰা উচিত নহয় বুলিও তেওঁৰ টুইটটোত ৰিটুইট কৰিছে বহু টুইটাৰ ইউজাৰে। বিজেপি দলৰ সৈতে সু-সম্পৰ্ক থকাৰ পিছতো ৰাজ্যপালজনে এনেদৰে টুইট কৰা কাৰ্যক সহজভাৱে ল'ব পৰা নাই দলটোৰ বহু সমৰ্থকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in