মুখ্যমন্ত্ৰীৰ বিবাহ বিচ্ছেদ! ফেচবুকত মিছা খবৰ বিয়পালে কংগ্ৰেছৰ কোন নেতাই…

মুখ্যমন্ত্ৰীৰ বিবাহ বিচ্ছেদ! ফেচবুকত মিছা খবৰ বিয়পালে কংগ্ৰেছৰ কোন নেতাই…

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ বিবাহ বিচ্ছেদ। এই খবৰ ফেচবুকত বিয়পাই ভাইৰেল কৰিলে কংগ্ৰেছৰ এজন নেতাই। সেয়েহে তেওঁক আৰক্ষীয়ে আটক কৰিলে ১ মে'ত। এই ঘটনা সন্দৰ্ভত আৰক্ষী শীৰ্ষ বিষয়াই সদৰী কৰিলে যে এনে মিছা খবৰ বিয়পোৱাৰ বাবে কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীৰ আগত কংগ্ৰেছ নেতাগৰাকীয়ে স্বীকাৰ কৰিলে- হয় তেওঁ এই খবৰ বিয়পাইছিল। শ্বেয়াৰ কৰিছিল এই বাতৰি ছ'চিয়েল মিডিয়াত। পিছে ভয় খাব নালাগে। এইজন অসমৰ মুখ্যমন্ত্ৰী নহয়। অৱশ্যে তেওঁ আমাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ হেনো বিবাহ বিচ্ছেদ হৈছে। সেই খবৰ বিয়পি পৰিছিল ছ'চিয়েল মিডিয়াত।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনে খবৰ বিয়পি পৰাত কেনেকৈ বহি থাকিব আৰক্ষী। ত্ৰিপুৰাৰ ডি আই জি অৰিন্দম নাথে সাংবাদিকক জানিবলৈ দিলে যে, মুখ্যমন্ত্ৰীৰ এই খবৰ বিয়পোৱাৰ সৈতে জড়িত হৈ থকা অপৰাধত ছৈকত তালপাত্ৰ নামৰ এজন লোকক আটক কৰা হৈছে। ইয়াৰ লগতে তাপস দে' নামৰ এজন কংগ্ৰেছ নেতাকো আটক কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে, তাপস দে' ত্ৰিপুৰা কংগ্ৰেছৰ উপ-সভাপতি। ইফালে, আনজন আটক কৰা ব্যক্তি ছৈকত তালপাত্ৰ এজন শিক্ষক। ফেচবুকত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ খবৰ বিয়পোৱা ছৈকতক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে, কংগ্ৰেছ নেতা তাপস দে'য়ে মন্তব্য কৰে যে, এই খবৰ ফেচবুকত পোৱা পাছত মই হোৱাটছএপযোগে কিছু লোকলৈ এই খবৰটো প্ৰেৰণ কৰিছিলো। কিন্তু মই নাজানো এয়া সঁচা নে মিছা। মই এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাছিলো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in