শ্বহীদ অনিল বৰাৰ মৃত্যু দিনটোত শ্ৰদ্ধাৰে স্মৰণ…

শ্বহীদ অনিল বৰাৰ মৃত্যু দিনটোত শ্ৰদ্ধাৰে স্মৰণ…

ডিজিটেল ডেস্ক : ৭ অক্টোবৰৰ দিনটোতে শ্বহীদ হৈছিল অনিল বৰা । ৭২ চনৰ মাধ্যম আন্দোলনত ভাষা জননীৰ হকে আত্মবলিদান দিছিল ছাত্ৰ নেতা অনিল বৰাই । অনিল বৰাৰ মৃত্যু দিনত শ্বহীদ গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে বিভিন্ন জনে ।

সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টচাৰ্য্যই শ্বহীদ গৰাকীৰ মৃত্যু দিনটোত শ্ৰদ্ধাৰে সোঁৱৰন কৰে ।

'৭২ চনৰ মাধ্যম আন্দোলনত ভাষা জননীৰ হকে আত্মবলিদান দিয়া ছাত্ৰ নেতা অনিল বৰাৰ মৃত্যুদিনত শ্বহীদ গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ড.ভূপেন হাজৰিকাই কৈছিল "শ্বহীদ অনিল পলাশনিৰ সবাতোকৈ সুন্দৰ ৰঙা পলাশ ফুল এপাহ আছিল যাৰ ৰহণে আমাৰ ভাষা আকাশত প্ৰভাতৰ ৰং সানিছে সানি থাকিব লুইত বৈ থকা মানে…" টুইটাৰত লিখে আছুৰ উপদেষ্টা গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in