শেহতীয়া খবৰ
জীৱন-মৃত্যুৰে যুঁজিছে ছলমান ৰুশ্বডীয়ে...  •  কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...

পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত….

ডিজিটেল সংবাদ নগাঁও: দ্ৰুত গতিত গাড়ী চলোৱা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে পথৰ ডিভাইডাৰত ৰিফ্লেকচন চিগনেল লাইট নলগোৱাৰ বাবে এক দূৰ্ঘটনা সংঘটিত হয় নগাঁৱৰ শেনচোৱাত ৷ দুৰ্ঘটনাটোৰ ফলত ছজনকৈ লোক আহত হয় ৷

গুৱাহাটীৰ পৰা যাত্ৰী লৈ নগাঁও হৈ হোজাইলৈ আহি থকা এ এছ ০১ জি চি ৩৮৪১ নম্বৰৰ ট্ৰেভেলাৰ খনে পথৰ মাজত থকা ডিভাইৰডাৰত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে ৷ গাড়ীখন বাগৰি পৰাৰ পিছত ৰাইজ আৰু আৰক্ষীয়ে দহজন যাত্ৰীৰ ভিতৰত ছজন আহত হোৱাত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই ৷

উদ্ধাৰ অভিযান চলি থকা সময়তে পিছফালৰ পৰা এ এছ ০২ এ এইছ ১৪৮৪ নম্বৰৰ ছুইফ গাড়ীখনে পৰি থকা ট্ৰেভেলাৰ খনক খুন্দা মাৰে ৷ আৰক্ষীয়ে ছুইফ খনৰ চালক জনক আটক কৰি নগাঁও সদৰ থানালৈ লৈ যায় ৷ দুৰ্ঘটনাটোত আহত ছজন লোকৰ নাম হৈছে ডবকাৰ শঙ্কৰ দাস, হোজাইৰ বিশ্বজিৎ দাস,জুৰীয়াৰ জালাল উদ্দিন,ৰাঙলুৰ আব্দুল হান্নান, ডবকাৰ দিলোৱাৰ হুছেইন,মোৰাঝাৰৰ জমিল হুছেইন ৷