বিশ্বনাথত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ, দুজনক গ্ৰেপ্তাৰ

বিশ্বনাথত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ, দুজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অধীনৰ বিশ্বনাথ চাৰিআলিৰ গড়ভিতৰৰপৰা আজি এটা দুষ্প্ৰাপ্য জীৱিত কাছ উদ্ধাৰ কৰাৰ লগতে নাও, জাল, বৰশীসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

এক গোপন সূত্ৰৰ পম খেদি কাজিৰঙা নৰ্দান ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত যোৱা বন বিভাগৰ দল এটাই অভিযান চলাই ইন্টাজ আলি আৰু মহম্মদ ইছাৰ আলিক কাছ ধৰিবৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত চিকাৰী দুজনৰ বিৰুদ্ধে বন্য প্ৰাণী সুৰক্ষা আইনৰ ১নং সূচী অনুসৰি এটি গোচৰ ৰুজু কৰি দুয়োকে বিশ্বনাথ চাৰিআলিস্থিত নৰ্দান ৰেঞ্জত মাৰাথন জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে, ধৃত ইন্টাজ আলি পূৰ্বে গঁড় হত্যাৰ লগতো জড়িত আছিল বুলি তদন্তকাৰী বিষয়াৰপৰা জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in