মঙলদৈৰ দিঘীৰপাৰত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ১৫-২০ কিলো ওজনৰ দুস্প্ৰাপ্য কাছ

মঙলদৈৰ দিঘীৰপাৰত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ১৫-২০ কিলো ওজনৰ দুস্প্ৰাপ্য কাছ

ডিজিটেল সংবাদ, মঙলদৈঃ কোৰোনা মহামাৰীৰ আতংকৰ বাবে অব্যাহত আছে পঞ্চম পৰ্যায়ৰ লক ডাউন, এই সময়ত ডক্টৰ, নাৰ্চ, স্বাস্থ্য কৰ্মী, আৰক্ষী, প্ৰশাসনিক বিষয়া আৰু সাংবাদিক সকলক কোৰোনা মহামাৰী ৰোধৰ প্ৰধান যোদ্ধা হিচাপে কাম কৰি আছে। পিছে এই যোদ্ধা সকল অকল কোৰোনাৰ যুদ্ধ ক্ষেত্ৰত থাকিলেই নহ'ব। বিভিন্নক্ষেত্ৰত কাম কাজেৰে ব্যস্ত হৈ থাকিবলগীয়া হৈছে এইসকল লোক। লকডাউনৰ সুবিধা গ্ৰহণ কৰি বিভিন্ন অঞ্চলত বন্যপ্ৰাণী আৰু নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰীয়ে সুযোগ গ্ৰহণ কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছে যদিও আৰক্ষী প্ৰশাসন অধিক সষ্টম হৈ থকাৰ বাবে সফল হ'ব পৰা নাই।

মঙলবাৰে ৰাতি মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিঘীৰপাৰত পাথৰিঘাট আৰক্ষী চকিৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাৰ নেতৃত্বত এক বিশেষ অভিযানত উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য কাছ। অভিযানলৈ যোৱাৰ সময়ত এম পি কে সংযোগী পথৰ দিঘীৰপাৰত দুজন লোকে কাছটো বস্তাত ভৰাই থকা অৱস্থাত উদ্ধাৰ কৰে৷ অৱশ্যে লোক দুজনে কাছটো ৰাষ্টাৰ কাষত উদ্ধাৰ কৰি আৰক্ষী চকীলৈ নিবৰ বাবে যো-জা কৰা বুলি আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক জানিবলৈ দিয়ে৷

উদ্ধাৰ হোৱা দুষ্প্ৰাপ্য কাছটি দৰঙৰ আৰক্ষী অধিক্ষক অমৃত ভূঞাৰ নিৰ্দেশত পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই বুধবাৰে ঐতিহাসিক খটৰা সত্ৰৰ কাছ সংৰক্ষণ পুখুৰীত এৰি দিয়ে৷ যিটো সময়ত একাংশ লোকে বনৰীয়া জীৱ-জন্তু অবৈধভাৱে হত্যা কৰি তৃপ্তিৰে উদৰ পুৰায় খায় তেনে সময়তে প্ৰকৃতি প্ৰেমী একাংশ লোকে সংৰক্ষণৰ ব্যৱস্থা কৰে বনৰীয়া জীৱ-জন্তু সমূহক৷

উদ্ধাৰ হোৱা কাছ টো ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ কাছ সংৰক্ষণ পুখুৰীত সংৰক্ষণৰ বাবে এৰি দিয়াৰ উদ্যোগ গ্ৰহণ কৰাত পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক খটৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত আৰু সম্পাদক গংগাৰাম বৈশ্যই ধন্যবাদ জ্ঞাপন কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in