পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. গুৱাহাটীত হোম কোৱাৰেন্টাইন হোৱা সকলে সোমবাৰৰ পৰা পাব অক্সিমিটাৰ-ঔষধ

সোমবাৰৰ পৰা গুৱাহাটী মহানগৰীৰ হোম কোৱাৰেন্টাইন হৈ থকা কোৰোনাক্ৰান্ত লোকসকলে লাভ কৰিব বিনামূলীয়া অক্সিমিটাৰ আৰু ঔষধ। স্বাস্থ্য মন্ত্ৰীয়ে টুইটাৰযোগে কয়- 'অহা কালিৰ পৰা গুৱাহাটী মহানগৰীত যিসকল কোৰোনাক্ৰান্ত ৰোগীসকল হোম আইছ'লেশ্যনত আছে তেওঁলোকক আমি অক্সিমিটাৰ আৰু ফাৰ্ষ্ট লাইন ছাপ'ৰ্টিভ মেডিচিন সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰিম।'

২. কোৰোনা সংক্ৰমণ বৃদ্ধি, ডিব্ৰুগড়ত এসপ্তাহৰ বাবে বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠান

ডিব্ৰুগড়ত এসপ্তাহৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। ব্যৱসায়ীসকলে নিজেই ঘোষণা কৰিলে লকডাউন। জিলাখনত কোৰোনাৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই সিদ্ধান্ত।  বন্ধ থাকিব সকলো প্ৰাইকাৰী, খুচুৰা ব্যৱসায় প্ৰতিষ্ঠান।

৩. ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫৮৮৩৭জনলৈ বৃদ্ধি

অসমত দেওবাৰে ১১২৩জনৰ দেহত ধৰা পৰে কোভিড-১৯। ইয়াৰে ২৪০জন কামৰূপ মেট্ৰ আৰু ১২১জন যোৰহাটৰ। উল্লেখ্য যে, ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৮৮৩৭জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৪৫জন লোকৰ। ইফালে, অসমত বৰ্তমানলৈ ৪২৩২৫ জন সুস্থ হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ১৬৩৬৪ জন লোক।

৪. অন্ধ্ৰপ্ৰদেশৰ কোভিড কেয়াৰ চেন্টাৰত বিধ্বংসী অগ্নিকাণ্ড, ১১জন নিহত

অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিজয়বাড়াৰ এটা কোভিড কেয়াৰ চেন্টাৰত সংঘটিত হয় এই অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ১১জনলৈ পাইছে বৃদ্ধি। ইফালে, কোভিড কেয়াৰ চেন্টাৰটোৰ পৰা উদ্ধাৰ কৰা হৈছে ২০জন লোকক। উদ্ধাৰ অভিযান অব্যাহত আছে।

৫. অহা ১৯ নবেম্বৰৰ পৰা দেশত আৰম্ভ হ'ব ঘৰুৱা ক্ৰিকেট টুৰ্ণামেন্টসমূহ

কোৰোনাৰ সংহাৰৰ মাজতে বিচিচিআইয়ে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চলিত বৰ্ষৰ নবেম্বৰৰ পৰা ৰঞ্জিত ট্ৰফী আৰু ছৈয়দ মুস্তাক আলী টি-২০ ট্ৰফী এই দুটা ঘৰুৱা ক্ৰিকেট টুৰ্ণামেন্ট আৰম্ভ হ'ব। ইফালে, আইচিচিয়ে সিদ্ধান্ত লৈছিল যে, ২০২০ৰ ভাৰতত হ'ব লগা বিশ্ব টি-২০ ২০২১চনতহে খেলা হ'ব কোৰোনাৰ বাবে।

৬. শ্ৰীলংকাৰ প্রধানমন্ত্ৰী ৰূপে শপতগ্ৰহণ মহিন্দ ৰাজাপক্ষৰ

শ্ৰীলংকা পিপলছ পাৰ্টী চমুকৈ এছ এল পি পি নেতা মহিন্দ ৰাজাপক্ষই দেওবাৰে দেশখনৰ প্রধানমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰে। শ্ৰীলংকাৰ বুদ্ধ মন্দিৰ এটা প্ৰধানমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰে তেওঁ।

৭. নৰেন্দ্ৰ মোডীৰ নীতিৰ বাবে ১৪ কোটি যুৱক-যুৱতী নিবনুৱাঃ ৰাহুল গান্ধী

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰযোগে কয় যে, যেতিয়া নৰেন্দ্ৰ মোডী দেশৰ প্রধানমন্ত্ৰী ৰূপে দায়িত্ব লৈছিল তেতিয়া তেওঁ দেশৰ যুৱ প্ৰজন্মক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ প্ৰতি বছৰে দুই কোটি যুৱক-যুৱতীক কৰ্মসংস্থাপন দিব। বহুত ডাঙৰ সপোন দেখুৱাইছিল। কিন্তু প্ৰকৃততে ১৪ কোটি লোকে নৰেন্দ্ৰ মোডীৰ পলিচি অৰ্থাৎ নীতিসমূহৰ বাবে নিবনুৱা হ'ব লগা হ'ল। টুইটাৰত এটা ভিডিঅ'যোগে এই কথা কয় কংগ্ৰেছ নেতাগৰাকীয়ে।

৮. পিতৃয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে পুত্ৰক, ছ'চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ'…

আগ্ৰাত এজন ব্যক্তিয়ে পুত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ বাবে আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰে। ব্যক্তিজনে এলেকাটোৰ স্থানীয় ৰাইজৰ সন্মুখত পুত্ৰক ৰছীৰে বান্ধি ওলোটাকৈ ওলমাই লয় আৰু তাৰপাছত নিৰ্মমভাৱে প্ৰহাৰ কৰে। এই অমানৱীয় ঘটনাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য'ত দেখা গৈছে যে, এটা ঘৰৰ খিৰিকীত এজন ল'ৰাক ৰছীৰে ওলোটাকৈ ওলমাই লৈ পিতৃয়ে কৰিছে নিৰ্মমভাৱে প্ৰহাৰ।

৯. কেৰালাৰ ইডুক্কিত সংঘটিত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৪২জনলৈ বৃদ্ধি

কেৰালাৰ ইডুক্কিত ভূমিস্খলনত বহু লোকে হেৰুৱাইছে প্ৰাণ। ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৪২জনলৈ বৃদ্ধি পাইছে। ইফালে, দেওবাৰে উদ্ধাৰকাৰী দলে ১৬টা মৃতদেহ উদ্ধাৰ কৰে। উদ্ধাৰকাৰী দলে জানিবলৈ দিয়া মতে, ভূমিস্খলনস্থলীত সেই সময়ত ৭৮জনকৈ লোক আছিল। ইয়াৰে বৰ্তমানলৈ ১২জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে যদিও ৪২জনৰ মৃত্যু হৈছে।

১০. সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত অভিনেত্ৰী ৰিয়াৰ ভাতৃক ১৮ ঘন্টা ই ডিৰ সোধ-পোছ

ই ডিয়ে অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু তেওঁৰ বেংক একাউন্টৰ পৰা ধন নাইকিয়া হোৱাৰ ঘটনাক লৈ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শ্বেৱিক চক্ৰৱৰ্তীক প্ৰায় ১৮ ঘন্টা সোধ-পোছ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in