জম্মু-কাশ্মীৰবাসীক শীৰ্ষ আৰক্ষী বিষয়াৰ বাৰ্তাঃ আনন্দ-উল্লাহেৰে উদযাপন কৰক স্বাধীনতা দিৱস…

জম্মু-কাশ্মীৰবাসীক শীৰ্ষ আৰক্ষী বিষয়াৰ বাৰ্তাঃ আনন্দ-উল্লাহেৰে উদযাপন কৰক স্বাধীনতা দিৱস…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰ আৰক্ষীৰ শীৰ্ষ বিষয়া মুনিৰ খানে ৰাজ্যখনৰ নাগৰিকক স্বাধীনতা দিৱস উপলক্ষে প্ৰদান কৰিলে এক সুখৰ বাৰ্তা। আৰক্ষী বিষয়াগৰাকীয়ে কয়- 'আনন্দ-উল্লাহেৰে স্বাধীনতা দিৱস আপোনালোকে উদযাপন কৰক। প্রশাসনৰো প্ৰস্তুতি সম্পূৰ্ণ হৈছে।'

তেওঁ লগত কয় যে- আশা কৰো স্বাধীনতা দিৱসৰ দিনটো সকলোৱে যেন উদযাপন কৰে। আৰক্ষীয়ে নজৰ ৰাখিব যাতে আপোনালোকে স্বাধীনতা দিৱসটি কোনো অসুবিধা নোপোৱাকৈ উদযাপন কৰিব পাৰে।

উল্লেখ্য যে, বুধবাৰে আৰক্ষী বিষয়াগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰে।সংবাদমেলত তেওঁ কয়- জম্মুৰ পৰা সকলো ধৰণৰ প্ৰতিবন্ধকতা আঁতৰোৱা হৈছে। কিন্তুকাশ্মীৰৰ একাংশ স্থানত বৰ্তমানেও এই প্ৰতিবন্ধকতা সমূহ আঁতৰোৱা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in