জ্ঞান আৰু শিক্ষাৰ দেৱীক বন্দনাৰ বাবে সাজু ৰাজ্য…

জ্ঞান আৰু শিক্ষাৰ দেৱীক বন্দনাৰ বাবে সাজু ৰাজ্য…

ডিজিটেল সংবাদ, গুৱাহাটীঃ

'জয় জয় দেৱী চৰাচৰসাৰে কুচযুগশোভিত মুক্তাহাৰে।
বীণা-পুস্তকৰঞ্জিত হস্তে, ভগৱতী ভাৰতী দেৱী নমস্তে।।
ওঁ সৰস্বতী মহাভাগে বিদ্যে কমললোচনে।
বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমোহস্তুতে।।'

মাজত আৰু কেইটামান ঘণ্টা। সমগ্ৰ দেশৰ লগতে অসম তথা গুৱাহাটী মহানগৰীতো বাগদেৱী সৰস্বতী পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যৰ প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয়, কোচ্চিং চেন্টাৰ, ছপা শাল, সংবাদমাধ্যমৰ কাৰ্যালয়ৰ উপৰি ঠায়ে ঠায়ে ৰাজহুৱাভাৱে সৰস্বতী পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যৰ কোনো কোনো স্থানত শনিবাৰে দিনৰ ভাগতো পূজা অনুষ্ঠিত হয়। কিয়নো শনিবাৰে পুৱা ১০.৫৪ বজাৰ পৰা দেওবাৰৰ পুৱা ১০.৪৬ বজালৈ পূজাৰ ক্ষণ মিলিছে।

ইফালে, মহানগৰীৰ মৃন্ময় শিল্পীসকলে নিৰ্মাণ কৰিল উলিওৱা দেৱীৰ প্ৰতিমা শুকুৰবাৰে অন্তিম পৰশ দিয়াৰ পাছত শনিবাৰে বিয়লি ভাগতে প্ৰায়বোৰ প্ৰতিমা উদ্যোক্তাসকলে সংগ্ৰহ কৰে। বিভিন্ন উচ্চতাৰ আৰ্হিত নিৰ্মিত এই প্ৰতিমা সমূহৰ দৰ পূৰ্বৰ বছৰতকৈ ২০ শতাংশ বৃদ্ধি পাইছে।

এফুট উচ্চতাৰ প্ৰতিমাৰ পৰা ৮-১০ ফুট পৰ্যন্ত প্ৰতিমা নিৰ্মাণ কৰি উলিয়াইছে মৃন্ময় শিল্পীসকলে। ইয়াৰে বেছি সংখ্যক মূৰ্তিয়েই আগতীয়াকৈ দিয়া ফৰমাইচৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে। যিবোৰৰ দাম ২০০০ পৰা ১৫০০০ পৰ্যন্ত। শনিবাৰে নিশাৰ ভাগত শিক্ষানুষ্ঠান, ছপাশাল, সংবাদমাধ্যমৰ কাৰ্যালয় সকলোতে প্ৰতিমাৰ বেদী আৰু মণ্ডপ সজাই-পৰাই তোলা হৈছে। একেদৰে পূজাৰ সামগ্ৰীৰ লগতে মাহ-প্ৰসাদ আৰু বিভিন্ন ব্যঞ্জন সমৃদ্ধ ভোগৰ বাবে সা-সামগ্ৰী যুগুতোৱাত ব্যস্ত হৈ পৰিছে উদ্যোক্তাসকল।

সৰস্বতীপূজাৰ দিনটোত পুৰোহিতসকলৰো ভীষণ ব্যস্ততা। বছৰৰ এইটো দিনতে ব্যস্ততা অধিক বৃদ্ধি পাই পুৰোহিতসকলৰ। একেগৰাকী পুৰোহিতে ৩-৪ স্থানত পূজা সম্পন্ন কৰাও পৰিলক্ষিত হয়। বছৰটোৰ বাবে এই দিনটোতে ভাল উপাৰ্জন হয় পুৰোহিতসকলৰ। শিক্ষাৰ্থীসকল বিশেষকৈ ছাত্ৰীসকলৰ প্ৰত্যেকেই এই দিনটোত নিজকে সজাই পৰাই তোলাৰ বাবে প্ৰতিবাৰৰ দৰে এইবাৰো অব্যাহত ৰাখিছে বিশেষ প্ৰস্তুতি।

অৱশ্যে মাজৰ কেইটান মান সৰস্বতী পূজাত শ্ৰেষ্ঠ সুন্দৰী ভক্ত পুৰস্কাৰ প্ৰদানৰ পদক্ষেপে মাত্ৰা চেৰাই গৈছিল যদিও, শেহতীয়াকৈ ইয়াৰ পৰম্পৰা যথেষ্ট হ্ৰাস পাইছে। সেয়া যি কি নহওঁক। সমাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰাকক্ষণত অনুষ্ঠিত হোৱা সৰস্বতী পূজাত বাগদেৱীৰ আশীষ বিচাৰি বৃহৎ সংখ্যক পৰীক্ষাৰ্থীয়ে শনিবাৰৰ দিনটো উপবাসে থাকি সাজু হৈছে দেৱী বন্দনাৰ বাবে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in