টকিঅ’ অলিম্পিকত নিষিদ্ধ বক্সিং! মেৰীকম, লাভলীনাৰ সপোন অনিশ্চয়তাত…

টকিঅ’ অলিম্পিকত নিষিদ্ধ বক্সিং! মেৰীকম, লাভলীনাৰ সপোন অনিশ্চয়তাত…

ডিজিটেল ডেস্কঃ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ পাছত এতিয়া টকিঅ' অলিম্পিকৰ বাবে প্ৰস্তত হৈছে দেশ-বিদেশৰ খেলুৱৈসকল। পিছ পৰি ৰোৱা নাই স্বৰ্ণ পদক লাভ কৰা মেৰীকম আৰু ব্ৰঞ্জৰ পদক লাভ কৰা অসম কন্যা লাভলীনা বৰগোঁহাই। পিছে প্ৰস্তুতি চলাইছে যদিও দুয়োৰে এই সপোন এতিয়া অনিশ্চয়তাত। বৰ্তমান সময়ত এটা কথা নিশ্চিত হৈ পৰিছে যে টকিঅ' অলিম্পিকত নাথাকিব বক্সিং ইভেণ্ট। বহুদিন ধৰি চলি অহা এই বিষয়টোত ছীল-মোহৰ মাৰিলে আন্তৰ্জাতিক অলিম্পিক কমিটিয়ে।  আন্তৰ্জাতিক বক্সিং ফেডাৰেচনৰ বিৰুদ্ধে তদন্ত কৰিব অলিম্পিক কমিটিয়ে।

ইফালে, ইয়াৰ লগতে কমিটিখনে টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা নিৰ্ধাৰণকাৰী প্ৰতিযোগিতা বন্ধ কৰাৰো নিৰ্দেশ জাৰি কৰিছে। উল্লেখ্য যে বক্সিং ফেডাৰেচনত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। টকিঅ'ত শুকুৰবাৰে অনুষ্ঠিত হোৱা অলিম্পিক কমিটিৰ সিদ্ধান্ত অনুসৰি বক্সিং ফেডাৰেচনে অন্য টুৰ্ণামেণ্ট আয়োজন কৰিলেও অলিম্পিক যোগ্যতা নিৰ্ধাৰণৰ কোনো প্ৰতিযোগিতা পাতিব নোৱাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in