মাজত মাথো কেইটামান ঘন্টা, বিশ্বকাপত আজি ভাৰতৰ ৰণদুন্দুভি…

মাজত মাথো কেইটামান ঘন্টা, বিশ্বকাপত আজি ভাৰতৰ ৰণদুন্দুভি…
  • আজি ২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব কোহলী বাহিনী।
  • দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন যুঁজত নামিব টীম ইণ্ডিয়া।
  • বিয়লি ৩ বজাৰ পৰা ছাউথেম্পটনৰ ৰ'জ বাউল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত–দক্ষিণ আফ্ৰিকাৰ খেল।
  • দক্ষিণ আফ্ৰিকা দলে চলিত বিশ্বকাপৰ দুখন মেচত পৰাজয়বৰণ কৰিছে।
  • বিগত বিশ্বকাপত দক্ষিণ আফ্ৰিকাই চাৰিখন মেচৰ ভিতৰত তিনিখনতে ভাৰতক পৰাজিত কৰিছে।
  • এনে অৱস্থাত দক্ষিণ আফ্ৰিকাক দুৰ্বল বুলি ভৱাতো ভুল হব বুলি মত প্ৰকাশ কৰিছে ক্ৰিকেট সমালোচক সকলে।
  • চলিত বিশ্বকাপৰ প্ৰথমখন মেচত ইংলেণ্ড আৰু দ্বিতীয়খনত বাংলাদেশৰ হাতত পৰাস্ত হৈছে দক্ষিণ আফ্ৰিকা।
  • ইতিমধ্যে ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, পাকিস্তান, শ্ৰীলংকা আৰু আফগানিস্তানে চলিত বিশ্বকাপত দুখনকৈ খেল খেলিছে।
  • টীম ইণ্ডিয়াই ২০১২ৰ টি–২০ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল
  • ২০১৫ চনত প্ৰথমবাৰ বিশ্বকাপত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছে টীম ইণ্ডিয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in