মহাষ্টমীৰ মাহাত্ম্য কি? আজি দেৱীক বন্দনা কৰিলে পাব এই ফল…

মহাষ্টমীৰ মাহাত্ম্য কি? আজি দেৱীক বন্দনা কৰিলে পাব এই ফল…

ডিজিটেল ডেস্কঃ আজি মহাষ্টমী৷ শক্তি প্ৰদায়িনী, দুৰ্গতিনাশিনী দুৰ্গা দেৱীৰ মৰ্ত্যৰ আগমনৰ মূল তাৎপৰ্যৰে গঠিত মহাষ্টমীৰ মহাক্ষণ৷ ষষ্ঠীৰ সন্ধিয়াৰ অধ্বিাসেৰে নৱপত্ৰিকাত অৱস্থান কৰা দুৰ্গা দেৱীৰ মহাষ্টমী পূজা আৰম্ভ হয় পুৱা ৮.১৬বজাত৷ এই ক্ষণতেই দুৰ্গা দেৱীৰ আৱিৰ্ভাৱৰ মূল উদ্দেশ্যও নিহিত হৈ থাকে। কিয়নো অষ্টমীৰ দিনটোতেই দশভুজা দেৱীয়ে তেওঁৰ সৰ্বশক্তিৰে নিঃশেষ কৰে মৰ্ত্যৰ দুৰ্গতিৰ কাৰণ চণ্ড-মুণ্ড আৰু ৰক্তবীজক৷

দুৰ্গা দেৱীক শক্তিৰূপে মৰ্ত্যবাসীয়ে কৰা আহ্বানৰ মূল কাৰণেই হ'ল অশুভ শক্তিক ধৰাৰ বুকুৰপৰা বিদায় দিয়াটো৷ আদ্যশক্তিৰূপে পৰিগণিত দুৰ্গা দেৱী জীৱজগতৰ কল্যাণৰ বাবে আৱিৰ্ভাৱ হোৱা এক ৰূপ৷ অষ্টমী তিথিত স্বয়ং দেৱীকো অশুভ শক্তি নাশ কৰিবলৈ বিপুল পৰিমাণত অতিৰিক্ত শক্তিৰ প্ৰয়োজন হয়৷

অষ্টমীৰ দিনা দেৱীৰ লগত থাকে ৬৪ যোগিনী আৰু অষ্ট নায়িকা৷ ব্ৰাহ্মণী, মহেশ্বৰী, কামেশ্বৰী, বৈষৱী, বৰাহী, নৰসিংহী, ইন্দ্ৰাণী আৰু চামুণ্ডাৰূপে খ্যাত এই অষ্ট নায়িকাই মহিষাসুৰৰ সৈন্যবৰ্গৰ মাজত ত্ৰাসৰ সূচনা কৰে৷ ১০৮ পদুমেৰে এই দিনটোত দেৱীৰ উপাসনা অনিবাৰ্য৷ দশভুজা দুৰ্গাৰ প্ৰচণ্ড শক্তিৰ সীমাহীন প্ৰকাশো সেইদিনা চূড়ান্ত শিখৰত উপনীত হয়৷

দেৱীৰ কপালৰপৰা ৰক্তবীজক নাশ কৰিবলৈ ওলায় ভদ্ৰকালী৷ ভদ্ৰকালী দেৱীৰ উগ্ৰ ৰূপৰ একমাত্ৰ ৰূপ, যাক গৃহস্থী লোকে সাধনা কৰাৰ ক্ষেত্ৰত উত্তম বুলি ৰামকৃষ্ণ পৰমহংসই কৈ গৈছে৷ ভদ্ৰকালীৰ বন্দনাই অষ্টমী তিথিত চূড়ান্ত ৰূপ লাভ কৰে 'কালী কালী মহাকালী, কালীকে পাপনাশিনীখৰ্গ হস্তে, মুণ্ড হস্তে মহাকালী নমহোস্তুতে৷'

অষ্টমী তিথিত দশভুজা দেৱীৰ বন্দনাৰ সৰ্বশ্ৰেষ্ঠ ৰূপ সন্নিৱিষ্ট হৈছে মাৰ্কেণ্ডেয় পুৰাণত; য'ত নিদ্ৰাৰূপে বিৰাজ কৰা দেৱীয়ে জ্ঞান, শক্তি, ধন-সম্পদ, সকলো একেলগে সাঙুৰি এই মহাবিশ্বৰ আধাৰৰূপে নিজকে প্ৰতিষ্ঠিত কৰিছে৷ সেয়েহে অষ্টমী তিথিত দুৰ্গা দেৱীৰ বন্দনাই সৰ্বাধিক মহত্ব লাভ কৰে৷ দুপৰীয়া প্ৰায় ১২.৩০ত অন্ত পৰিব লগীয়া মহাষ্টমী পূজাত দেৱীৰ অস্ত্ৰধাৰিণী ৰূপকেই আৰাধনা কৰা হয়৷ ফলত অষ্টমী পূজাৰ আন এক নাম অস্ত্ৰ পূজাও৷

তাৎপৰ্যপূৰ্ণভাৱে অষ্টমী তিথিৰ অন্যতম গুৰুত্বপূৰ্ণ মুহূৰ্ত সন্ধি পূজা আৰম্ভ হ'ব আজি ১১ বাজি ৫১ মিনিট ৫১ ছেকেণ্ডত আৰু সমাপন হ'ব ১২বাজি ৩৯ মিনিট ৫১ ছেকেণ্ডত৷ ইয়াৰ পিছতেই আৰম্ভ হ'ব মহানৱমী৷ হিন্দু ধৰ্মৰ শাক্ত পৰম্পৰা অনুসৰি ভগৱান ৰামচন্দ্ৰই অষ্টমীৰ সন্ধ্যা পূজাৰ সময়তে দুৰ্গা দেৱীক স্মৰণ কৰি দশানন ৰাৱণৰ বুকুত ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিল৷ ইও দুৰ্গা দেৱীৰ মাহাত্ম্য বৰ্ণনাৰ অন্য এক দিশ৷

মহাষ্টমীৰ দিনা ঠাইবিশেষে তিনি ধৰণৰ অন্য পূজাও কৰা হয় সুহাসিনী পূজা, কুমাৰী পূজা আৰু বটুকামা পূজা৷ ইয়াৰ শেষৰবিধ পূজা তেলেংগানা অঞ্চলত বিশেষভাৱে পালন কৰা হয়৷ দুৰ্গা দেৱীৰ সহচৰ ৬৪ যোগিনীৰ ভয়ংকৰ উপস্থিতিয়ে অষ্টমীৰ সাধনাক সাধকৰ বাবে জটিল কৰি তোলে৷ সেয়েহে সেইদিনা সাধকে বিশেষ মন্ত্ৰৰে নিজকে বান্ধি লয়৷

সাধাৰণ ভক্তৰ বাবে দশভুজা দুৰ্গা দয়াৰ প্ৰতীক, মংগলদায়িনী আৰু মাতৃ মমতাৰে পৰিপূৰ্ণ অপাৰ কৰুণাৰ সীমাহীন সাগৰ৷ মৰ্ত্যৰ সংশয়চিত্ত ভক্তৰ বাবে দেৱীয়েই স্বয়ং ৰক্ষক৷ দশভুজাৰ মহাষ্টমী তিথিৰ বন্দনাও ভক্তগণৰ বাবে পৰিচিত এক মন্ত্ৰৰেই আৰম্ভ হয়। সেয়া হৈছে: 'সৰ্ব্বমংগলমাংগল্যে শিৱে সৰ্বাৰ্থ সাধিকেশৰণ্যে ত্ৰম্বকে গৌৰী নাৰায়ণী নমহোস্তুতে৷' এনেকৈয়ে মহাষ্টমীৰ মহাক্ষণত দশভুজাৰ অভয় চৰণত নতজানু হৈ ধৰাৰ মৰণশীল নৰ-মনিচে বিপদৰপৰা পৰিত্ৰাণ, কষ্টকৰ জীৱনত কিঞ্চিত সকাহৰ মুহূৰ্ত, আশাহত ক্ষণত উজ্জ্বল ভৱিষ্যতৰ প্ৰতিশ্ৰুতি বিচাৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in