৮৩ বছৰীয়া হ’ল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা সিং পেটেল

৮৩ বছৰীয়া হ’ল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা সিং পেটেল

ডিজিটেল ডেস্কঃ আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলৰ ওপজা দিন। ১৯৩৪ চনত বৰ্তমানৰ মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিছিল তেওঁ। ভাৰতৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি আছিল প্ৰতিভা পাটিল। ২০০৭ চনৰ ২৫ জুলাইৰ পৰা ২০১২ চনৰ ২৫ জুলাইলৈকে ৰাষ্ট্ৰপতি হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰতিভা দেৱী সিং পাটিলে।

ইফালে ২০০৪ চনৰ ৮ নৱেম্বৰৰ পৰা ২০০৭ চনৰ ২৩ জুনলৈকে তেওঁ ৰাজস্থানৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল নাৰায়ণ ৰাও পাটিল। পুনে বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে। মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা তেওঁ এল এল বিও কৰিছিল।

২৭বছৰ বয়সতে ১৯৬২ চনত মহাৰাষ্ট্ৰ বিধানসভাৰ বাবে জলগাঁও সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈ ৰাজ্যসভাৰ সাংসদ হোৱাৰ পূৰ্বে ১৯৬৭ চনৰ পৰা ১৯৮৫ চনলৈ মুক্তিনগৰ সমষ্টিৰ পৰা তেওঁ ৪ বাৰকৈ নিৰ্বাচিত হৈছিল।

১৯৯১ চনত তেওঁ অমৰাবতি সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছিল। ৰাজনীতিৰ ক্ষেত্ৰত তেওঁৰ আছিল এক সুন্দৰ স্থান। প্ৰতিভা দেৱী সিং পাটিলক জন্মদিনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকে আদি কৰি অজস্রজনে জনাইছে শুভেচ্ছা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in